নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ শালমাৰা-মানকাচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশেষ বাৰ্তা, ১২ ডিচেম্বৰঃ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ কোক্‌ৰাডাঙ্গাৰ পৰা হাজিৰহাট অঞ্চল পৰ্যন্ত স্পীডবোটেৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰত্যক্ষভাৱে বুজ লয়। বিভাগীয় বিষয়া অভিযন্তা আৰু জিলা আয়ুক্তক লগত লৈ মন্ত্ৰীগৰাকীয়ে খহনীয়া অধ্যুষিত অঞ্চলটোৰ বুজ লৈ জৰুৰীভাৱে প্ৰয়োজন হোৱা প্ৰায় ৫ কিল’মিটাৰ দৈৰ্ঘ্যত বাঁহ আৰু পাৰ্কুপাইনেৰে খহনীয়া ৰোধৰ কামৰ ব্যৱস্থা কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। উল্লেখ্য যে এই অঞ্চলত প্ৰায় ১০ কিল’মিটাৰ দৈৰ্ঘ্যত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই সমস্যাৰ সৃষ্টি কৰি আহিছে, ইয়াৰে প্ৰায় চাৰি কিল’মিটাৰ অংশত জলসম্পদ বিভাগে পাৰ্কুপাইনৰ জৰিয়তে খহনীয়া ৰোধৰ কাম কৰিছে। মন্ত্ৰী হাজৰীকাই আজিৰ পৰিদৰ্শনৰ সময়ত পাৰ্কুপাইনৰ লগতে বাঁহ আদিৰ ব্যৱহাৰেৰে খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে হাটশিঙিমাৰী আৱৰ্ত ভৱনত স্থানীয় লোকৰ সৈতেও মত বিনিময় কৰে।

#বাৰ্তা ডেস্ক

You might also like