DR. HIMANTA BISWA SARMA - নিয়মীয়া বাৰ্তা

পিএম শ্ৰী আদৰ্শ বিদ্যালয় মৈৰাবাৰীত ভোগালী মেলাৰ আয়োজন
পিএম শ্ৰী আদৰ্শ বিদ্যালয় মৈৰাবাৰীত ভোগালী মেলাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ লুৎফুৰ ৰহমানে পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰে ভোগালী মেলাৰ। ভোগালী মেলাত বিদ্যালয়খনৰ একাংশ ছাত্র-ছাত্রীয়ে গাঁৱত উৎপাদিত সামগ্ৰীৰে তিলপিঠা, নাৰিকল পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, বৰপিঠা, ঘিলাপিঠা, তেলপিঠা, কলপিঠা, চুঙাপিঠা, জহা চাউল, বৰাচাউল, হাঁহকণী, নাৰিকল, কোমোৰা, লাই, পালেং, চুকাশাক, লফা, অমিতা, কচু, মানিমুনি, ভেদাইলতা, কাঠফুলা, কল, অমিতা আদি বিক্রীৰ বাবে প্ৰদৰ্শন কৰে।

দিনৰ ১০ বজাত ভোগালী মেলাৰ দ্বাৰ উন্মোচন কৰে ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান হাজৰিকাই। ভোগালী মেলাৰ লগত সংগতি ৰাখি বিদ্যালয় চৌহদত চাৰিখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। প্ৰাচীৰ পত্ৰিকাকেইখন ড° ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কনকলতা বৰুৱা আৰু আনন্দৰাম বৰুৱাৰ নামত উৎসৰ্গা কৰা হয়। প্ৰাচীৰ পত্ৰিকাকেইখন উন্মোচন কৰে ক্ৰমে ড° বিমান হাজৰিকা, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক আব্দুল গফুৰ, মৈৰাবাৰী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি আমিনুল ইছলাম আৰু মৈৰাবাৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° মইদুল ইছলামে।

মুখ্য অতিথি বিমান হাজৰিকাই মৈৰাবাৰীৰ দৰে ভিতৰুৱা অঞ্চল এটাত ভোগালী মেলাৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ ভোগালী মেলাৰ কাৰ্যসূচীত লাহৰীঘাটৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়াৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক, স্থানীয় একাধিক গণ্যমান্য ব্যক্তিও উপস্থিত আছিল। আনহাতে, মৈৰাবাৰী অঞ্চলত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই ভোগালী মেলাই অনাগত দিনত ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ মনতো প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰা হৈছে।

নিয়মীয়া বাৰ্তা, মৈৰাবাৰী, ১২ জানুৱাৰী :

The post পিএম শ্ৰী আদৰ্শ বিদ্যালয় মৈৰাবাৰীত ভোগালী মেলাৰ আয়োজন first appeared on নিয়মীয়া বাৰ্তা.

অষ্ট্রেলিয়াক হৰুৱাই তৃতীয়খন টি–২০ত অনবদ্য প্রত্যাৱর্তন টীম ইণ্ডিয়াৰ
নিউজ ডেস্ক, ২ নৱেম্বৰ : শৃংখলাৰ তৃতীয়খন টি–২০ মেচত অনবদ্য প্রত্যাৱর্তনেৰে অষ্ট্রেলিয়াক পৰাজিত কৰি সমতা স্থাপন কৰে টীম ইণ্ডিয়াই৷ প্রথমে বেটিং কৰি অষ্ট্রেলিয়াই বান্ধি দিয়া ১৮৭ ৰানৰ লক্ষ্য সহজে অতিক্রম কৰে ভাৰতীয় দলটোৱে৷ এই জয়ৰ ফলত ৫খন মেচৰ টি–২০ শৃংখলাত সমতা স্থাপন কৰে সূর্যকুমাৰ যাদৱৰ দলটোৱে৷

টছত জয়লাভ কৰি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ভাৰতীয় অধিনায়ক সূর্যই৷ প্রথম অভাৰতে ট্রেভিচ হেডৰ (৬) উইকেট দখল কৰে অর্শদ্বীপ সিঙে৷ নিজৰ দ্বিতীয় অভাৰতে জছ ইংলিছৰ (১) উইকেটো লাভ কৰে তেওঁ৷ ইয়াৰ পিছত বিধ্বংসী বেটিং কৰে টীম ডেভিদে৷ অধিনায়ক মিছেল মার্শ্বৰ সৈতে ৫৯ ৰানৰ যুটি বান্ধে ডেভিদে৷ মিছেল মার্শ্বক ব্যক্তিগত ১১ ৰানত আউট কৰে বৰুণ চক্রৱর্তীয়ে৷ আনহাতে, ৰান কৰাৰ পূর্বে বৰুণে মিছেল অৱেনৰো উইকেট দখল কৰে৷ ইয়াৰ পিছত ভয়াৱহ হৈ উঠা ডেভিদক বিদায় দিয়ে শিৱম ডুবেই৷ তেওঁ ৩৮টা বলতে ৭৪ ৰান কৰে৷ শেষৰফালে মার্কাছে ৬৯ ৰান কৰাত অষ্ট্রেলিয়াৰ ৰান হয়গৈ ১৮৬৷

প্রত্যুত্তৰত সুন্দৰ আৰম্ভণি ঘটায় ভাৰতীয় অ’পেনাৰ অভিষেক শর্মা আৰু শুভমন গীলে৷ অৱশ্যে অভিষেকে ২৫ আৰু শুভমনে ১৫ ৰান কৰি বিদায় লয়৷ অধিনায়ক সূর্যয়ো ১১টা বলত ২৪ ৰান কৰি আউট হয়৷ তিলক বার্মাই ২৯ আৰু অক্ষৰ পেটেলে কৰে ১৭ ৰান৷ আগ্রাসী বেটিং কৰিবলৈ গৈ ভাৰতীয় বেটাৰসকলে উইকেট হেৰুৱায়৷ কিন্তু ভাৰতীয় ইনিংছক ভৰসা প্রদান কৰে আজি প্রথম খেলিবলৈ নমা জিতেশ শর্মা আৰু ৱাশ্বিংটন সুন্দৰে৷ তেওঁলোকৰ বেটিঙৰ ওপৰত নির্ভৰ কৰি শৃংখলালৈ উভতি আহে ভাৰত৷

ৱাশ্বিংটনে ২৩টা বলত ৪৯ ৰানত অপৰাজিত থকাৰ বিপৰীতে জিতেশে ১৩টা বলত ২২ ৰানৰ এটি সুন্দৰ অপৰাজিত ইনিংছ উপহাৰ দিয়ে৷ তেওঁলোকৰ অনবদ্য ষষ্ঠ উইকেটৰ যুটিত ভাৰতে ৪৩ ৰান সংগ্রহ কৰে৷ অষ্ট্রেলিয়াৰ সফল বলাৰ নাথান ইংলিছে ৩৬ ৰানত তিনিটা উইকেট দখল কৰে৷

আজি ৫ উইকেটত জয়লাভ কৰি ভাৰতে ১–১ ব্যৱধানত ক্ষমতা সমতা স্থাপন কৰে৷ প্রথমখন মেচ বৰষুণৰ বাবে বাতিল হৈছিল৷

The post অষ্ট্রেলিয়াক হৰুৱাই তৃতীয়খন টি–২০ত অনবদ্য প্রত্যাৱর্তন টীম ইণ্ডিয়াৰ first appeared on নিয়মীয়া বাৰ্তা.

বহি:ৰাজ্যৰ ব্যক্তিগত মেডিকেল কলেজত নামভৰ্তি কৰিবলৈ গৈ প্ৰতাৰিত নগাঁৱৰ ছাত্ৰ
বিশেষ বাৰ্তা, ১৯ মে’ : বহিঃৰাজ্যৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰাৰ নামত ৰাজ্যৰ একাংশ ছাত্র-ছাত্রী প্ৰতাৰণাৰ বলি হোৱা তথা সৰ্বস্বান্ত হোৱাৰ ঘটনা নতুন নহয়।এনে অভিযোগ সততে উত্থাপিত হৈ আহিছে।শেহতীয়াকৈ এম বি বি এছ পাঠ্যক্ৰমত অধ্যায়ন কৰাৰ বাবে বহি:ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ এখন মেডিকেল কলেজত নাম ভৰ্তি কৰিবলৈ গৈ নগাঁৱৰ এগৰাকী ছাত্ৰ‌ই চৰম প্ৰতাৰণাৰ সন্মুখীন হোৱা বুলি উত্থাপিত অভিযোগে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

নগাঁও চহৰৰ ইটাচালি নিবাসী অৱসৰপ্ৰাপ্ত পৰিকল্পনা বিষয়া বিজয় বিশ্বাসৰ পুত্ৰ দেৱজিৎ বিশ্বাসে ২০২৪ বৰ্ষত নীট পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও চৰকাৰী খণ্ডৰ মেডিকেল কলেজত নাম ভৰ্তিৰ সুবিধা লাভ নকৰাত বহি:ৰাজ্য হাৰিয়ানালৈ ঢাপলি মেলে। সেই অনুসৰি উক্ত ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজত নাম ভৰ্তি কৰাৰ বাবে সেই বৰ্ষৰ মে’ মাহত অনলাইন আবেদন জনাই।

নিয়ম অনুসৰি অনলাইন আবেদনৰ সৈতে এক লাখ টকাৰ নিৰাপত্তাৰ ধন আদায় দিয়ে। ইয়াৰ পিছত অৰ্থাৎ যোৱা বৰ্ষৰ অক্টোবৰ মাহত সংশ্লিষ্ট কৰ্তৃপক্ষই মেলযোগে জনাই যে হাৰিয়ানাৰ আলফালা মেডিকেল কলেজত নাম ভৰ্তি কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিত্তিতে নিয়ম অনুসৰি ছাত্ৰ গৰাকীৰ অভিভাৱকে মেডিকেল কলেজখনৰ নিৰ্দিষ্ট একাউন্টত শৈক্ষিক মাচুল হিচাপে প্ৰথম কিস্তিত ৭,১৮,৭৫০ টকা আদায় দিয়ে। এই ধন লাভ কৰাৰ পিছত ছাত্র গৰাকীক ২ অক্টোবৰত নথি পত্ৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে ৰাজ্যখনৰে পণ্ডিত ডি বি বিশ্ববিদ্যালয়লৈ মাতি পঠাই।

সেই অনুসৰি ছাত্ৰ গৰাকীয়ে অভিভাৱক সহ হাৰিয়ানাত ১ অক্টোবৰত উপস্থিত হয় যদিও পৰৱৰ্তী সময়ত ব্যক্তিগত কাৰণত উক্ত মেডিকেল কলেজত অধ্যায়ন নকৰাৰ সিদ্ধান্ত লয়। সেইদিনা নিশাই এই বিষয়ে সংশ্লিষ্ট কলেজ কৰ্তৃপক্ষক মেলযোগে অৱগত কৰাত কলেজ কৰ্তৃপক্ষই জনাই নিৰ্দিষ্ট নিয়ম অনুসৰি সমুদায় ধন নিৰ্দিষ্ট একাউণ্টযোগে ঘুৰাই দিয়া হ’ব বুলি অৱগত কৰে। কিছুদিন অতিবাহিত হোৱাৰ পিছতো ধনৰাশি ঘুৰাই নোপোৱাত বাৰম্বাৰ সংশ্লিষ্ট কলেজ কৰ্তৃপক্ষ আবেদন জনাইয়ো সফল নহ’ল।

এইবাৰ ছাত্ৰ গৰাকীৰ অভিভাৱকে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এখন আবেদন যোগে প্ৰশ্ন কৰে যে যিহেতু তেওঁৰ পুত্ৰই আলফালা মেডিকেল কলেজখনত অধ্যয়ন নকৰে, সেয়েহে শৈক্ষিক খৰচৰ বাবদ জমা দিয়া সৰ্বমুঠ ৮,১৮,৭৫০ টকা ঘুৰাই দিব নে নাই আৰু কেতিয়া ধনৰাশি ঘুৰাই দিব। এই বুলি প্ৰশ্ন কৰাত এমাহে কোনো উত্তৰ নিদিয়াত বিধি মতে আৰ টি আই আইনৰ অধীনত প্ৰথম আপীল আবেদন কৰাতহে গা লৰিল কলেজ কৰ্তৃপক্ষৰ। অৱশেষত কলেজ কৰ্তৃপক্ষই এখন চিঠি যোগে জনাই যে ছাত্ৰ গৰাকীৰ নাম ভৰ্তিৰ ধনৰাশি সমুহ ইতিমধ্যে ৰীতিশ কুমাৰ নামৰ এজন লোকৰ একাউণ্টত জমা দিয়া হৈছে।

ইয়াৰ পিছতেই ছাত্ৰ তথা অভিভাৱক গৰাকীৰ মূৰত সৰগ ভাঙি পৰিল এই কাৰণেই যে তেওঁলোকৰ প্ৰাপ্য ধনৰাশি আন এগৰাকী অচিনাকি লোকৰ একাউণ্টত জমা দিয়াৰ কাৰণ কি বা এই কৰ্তৃত্ব কোনে প্ৰদান কৰিলে। এনেবোৰ প্ৰশ্ন‌ই অভিভাৱক গৰাকীক বাৰুকৈয়ে চিন্তাত কৰি তুলিলে। অৱশেষত চকুৰে সৰিয়হৰ ফুল দেখা অভিভাৱক গৰাকীয়ে সেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তৰ ওচৰত আবেদন কৰি তেওঁৰ প্ৰাপ্য ধন ঘুৰাই পোৱাৰ কাতৰ অনুৰোধ জনাই। ইয়াৰ পিছতো কোনো ন্যায় নোপোৱাত ছাত্ৰ গৰাকীৰ পিতৃ বিজয় বিশ্বাসে যোৱা জানুৱাৰী মাহত দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিলে।অদ্যপি কোনো ন্যায় লাভ নকৰা অৱসৰপ্ৰাপ্ত বিষয়াজনে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিষয়টোত হস্তক্ষেপ কৰি তেওঁক ন্যায় প্ৰদানৰ অনুৰোধ জনাইছে।

The post বহি:ৰাজ্যৰ ব্যক্তিগত মেডিকেল কলেজত নামভৰ্তি কৰিবলৈ গৈ প্ৰতাৰিত নগাঁৱৰ ছাত্ৰ first appeared on নিয়মীয়া বাৰ্তা.

Bodofa News : নতুন দিল্লীত বডোফা উপেন্দ্র নাথ ব্রহ্মৰ প্রতিমূর্তি উন্মোচন
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে’ : কেন্দ্রীয় গৃহ আৰু সমবায় দপ্তৰৰ মন্ত্রী অমিত শ্বাহে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত অসম চৰকাৰে গ্রহণ কৰা মহৎ প্রয়াসৰ অংশ হিচাপে দেশৰ ৰাজধানী নতুন দিল্লীত বড়ো সমাজৰ পথিকৃৎ বডোফা উপেন্দ্র নাথ ব্রহ্মৰ ৯ ফুট উচ্চতাৰ এক প্রতিমূর্তি উন্মোচন কৰাৰ লগতে তেওঁৰ নামেৰে এটা পথ তথা ৰটাৰী নামকৰণ কৰে৷

৮৩৫ মিটাৰ দৈর্ঘ্যৰ এই পথটো লালা  লাজপত ৰায় মার্গৰ পৰা আৰম্ভ হৈ কৈলাশ কলনি পথৰ বডোলেণ্ড হাউছ পাৰ হৈ ইউ টার্ণ লৈ পুনৰ লালা  লাজপত ৰায় মার্গ পথটোক সংযোগ কৰিছে৷

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজিৰ দিনটো অসমৰ বাবে এক গৌৰৱপূর্ণ দিন বুলি উল্লেখ কৰে৷ তেওঁ কয় যে বড়োসকলৰ স্বকীয় পৰিচয়ৰ বাবে অহোপুৰুষার্থ কৰা বডো সমাজৰ পিতৃ পুৰুষ হিচাপে খ্যাত বডোফা উপেন্দ্র নাথ ব্রহ্মৰ পৱিত্র স্মৃতিত দিল্লীৰ কৈলাশ কলনিত এটা পথৰ নামাকৰণৰ লগতে বডোফাৰ এটি প্রতিমূর্তি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে উন্মোচন কৰাটো ৰাজ্যখনৰ বাবে এক বিৰল সন্মানৰ বিষয়৷

উপেন্দ্র নাথ ব্রহ্মৰ নেতৃত্বত বডো জাতিয়ে নিজৰ অধিকাৰ সুৰক্ষাৰ বাবে এক দীঘলীয়া সংগ্রামত লিপ্ত হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মহাত্মা গান্ধীৰ অহিংসা আন্দোলনৰ দ্বাৰা প্রেৰিত হৈ বডোফাই বডো জাতিৰ এই আন্দোলনক অহিংসা আৰু ন্যায়ৰ পথেৰে আগববাই লৈ গৈছিল৷ সুদীর্ঘ দিন ধৰি অব্যাহত থকা এই আন্দোলনে এনে এক পর্যায় পাইছিল গৈ যে কিছু সংখ্যক লোকে  অসমৰ বিভাজনকে ধৰি ভাৰতৰ পৰা বিচিছন্ন হৈ স্বাধীন বডো ভূমিৰ কথাও চিন্তা কৰিবলৈ আৰম্ভ কৰিছিল৷

এই আন্দোলনত ৬ হাজাৰতকৈ অধিক লোকে অস্ত্র হাতত তুলি লোৱাৰ লগতে বডো ভূমিত হত্যা আৰু হিংসাৰ জৰিয়তে এক ব্যাপক হিংসাত্মক আন্দোলন গঢ়ি তুলিছিল৷ ইয়াৰ ফলত জনসাধাৰণৰ মাজত হতাশাৰ পৰিৱেশ বিৰাজ কৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে এই আন্দোলন ৰোধ কৰাৰ বাবে বিশেষ কোনো ব্যৱস্থা গ্রহণ কৰা হোৱা নাছিল৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শাসনভাৰ গ্রহণ কৰাৰ পিছত তেখেতৰ নেতৃত্বত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে শান্তিৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্রত গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দূৰদর্শী নেতৃত্বত আৰু কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ প্রচেষ্টাত ২০২০ চনত বডো শান্তি চুক্তি স্বাক্ষৰিত হয় আৰু তাৰ পৰিণতিত অসমখন সামগ্রিকভাৱে এক শান্তিপূর্ণ অঞ্চলত পৰিণত হয়৷

তেওঁ কয় যে এসময়ত যি ঠাইত পৃথক বডো ভূমিৰ বাবে আন্দোলন হৈছিল সেই বডো ভূমিতে ৰাজ্য চৰকাৰে এই বছৰ অসম বিধান সভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰিছে, যি অসমৰ ঐক্য আৰু সংহতিৰ প্রতীক হিচাপে চিহ্ণিত হৈছে৷ বড়ো শান্তি চুক্তি ৰূপায়ণৰ দিশত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সহযোগিতাৰে লোৱা পদক্ষেপৰ ফলত আজি  বডো ভূমিয়ে শান্তি আৰু বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে৷

মুখ্যমন্ত্রীয়ে কয় যে নতুন দিল্লীত বডোফা উপেন্দ্র নাথ ব্রহ্মদেৱৰ নামত এটা পথৰ নামাকৰণ আৰু প্রতিমূর্তি উন্মোচনে দেশৰ জনজাতীয় সমাজখনৰ বাবে এক বিশেষ বার্তা বহন কৰিছে৷ এই পদক্ষেপে জনজাতীয় সমাজখনলৈ এক নতুন আশা আৰু প্রত্যয় কিিয়াই আনিছে৷ তেওঁ কয় যে এই শান্তি, বিশ্বাস আৰু সন্মান প্রদানৰ চিন্তা–চর্চা আৰু পদক্ষেপ যদি পূর্বতে গ্রহণ কৰা হলহেতেন, তেতিয়া হত্যা, হিংসাৰ পৰিৱেশে ৰাজ্যখনত গা কৰি নুঠিলেহেঁতেন৷ মুখ্যমন্ত্রীয়ে কয় যে অসমৰ এক গৌৰৱপূর্ণ ইতিহাস আছে৷ যেতিয়া মোগল সাম্রাজ্যৰ চুলতান ঔৰংগজেৱে সম্পূর্ণ দেশ শাসন কৰাৰ সপোন দেখিছিল সেই সময়ত অসমৰ সুপুত্র লাচিত বৰফুকনে ঔৰংগজেৱক পৰাজিত কৰি অসমৰ পৰা খেদি পঠিয়াইছিল৷

যেতিয়া নালন্দা বিশ্ববিদ্যালয়ক ধবংস কৰি বখতিয়াৰ খিলজী অসম আহি পাইছিল তেতিয়া অসমৰ সুপুত্র মহাৰাজ পৃথ্বুৱে তেওঁক পৰাজিত কৰি নালন্দা বিশ্ববিদ্যালয় ধবংসৰ প্রতিশোধো লৈছিল৷ তেওঁ কয় যে অসমত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে আধ্যাত্মিকতাৰ এক জাগৰণ আনিছিল৷ অসমত বাথৌ ধর্ম, ব্রহ্ম ধর্ম আদিৰ দৰে জনজাতীয় সমাজৰ ধর্মসমূহে মানৱতাৰ বার্তা সমগ্র সমাজলৈ বিলাই দিছে৷ বডোফা উপেন্দ্র নাথ ব্রহ্মৰ প্রতি আজি যেনেদৰে সন্মান প্রদর্শন কৰা হৈছে ঠিক তেনেদৰে প্রধানমন্ত্রী আৰু কেন্দ্রীয় গৃহ মন্ত্রীৰ নেতৃত্বত মহাবীৰ লাচিত বৰফুকনকো সন্মান প্রদান কৰা হৈছে৷

এই কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মধ্যপ্রদেশত কেন্দ্রীয় সংৰক্ষিত বাহিনীৰ জাংগল ৱাৰফেয়াৰ নামৰ অতি পুৰণি প্রতিষ্ঠানটিক মহাবীৰ লাচিত বৰফুকনৰ নামেৰে নামাংকৃত কৰাৰ বাবে কিছুদিন পূর্বে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে সিদ্ধান্ত গ্রহণ কৰিছে৷ কেন্দ্রীয় চৰকাৰে অসম আৰু বডো সমাজৰ ইতিহাসক স্বীকৃতি প্রদানৰ যি যুগান্তকাৰী পদক্ষেপ লৈছে তাৰ ফলত ৰাজ্যবাসীৰ মনত নিজকে ভাৰত মাতৃৰ সন্তান হিচাপে ঐক্যবদ্ধতাৰে দেশৰ বিকাশৰ বাবে কাম কৰাৰ বাবে সাহস আৰু প্রেৰণা যোগাইছে৷

যিখন অসম এদিন হত্যা–হিংসাৰ বাবে জনাজাত হৈছিল, প্রধানমন্ত্রীৰ নেতৃত্বত আৰু কেন্দ্রীয় গৃহ মন্ত্রীৰ মার্গদর্শনত সেই অসমৰ পৰিৱর্তন সাধন হৈ আজি হত্যা–হিংসাৰ কথাটো বাদেই কোনো ধৰণৰ আন্দোলনৰ পৰিৱেশেই পৰিলক্ষিত হোৱা নাই৷ ইয়াৰ বাবে কৃতজ্ঞ অসমবাসীৰ হৈ তেওঁ প্রধানমন্ত্রী আৰু কেন্দ্রীয় গৃহ মন্ত্রীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে এই বিশেষ অনুষ্ঠান সফলতাৰে আয়োজনৰ ক্ষেত্রত আগবঢ়োৱা সহযোগিতাৰ বাবে দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তা আৰু কৈলাশ কলনি পথৰ বাসিন্দাসকলক ধন্যবাদ জনায়৷

বডোফা উপেন্দ্র নাথ ব্রহ্মৰ জীৱন পৰিক্রমা আৰু ৰাষ্ট্র নির্মাণত তেওঁৰ অৱদান সম্পর্কত এখন পুস্তিকা প্রকাশ কৰি দিল্লীৰ প্রতিটো কোণতে এই পুস্তিকাখন উপলব্ধ কৰোৱাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রীয়ে আগবেোৱা পৰামর্শৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে শীঘ্রে এই কাম হাতত লোৱা হব৷ তেওঁ কয় যে কেন্দ্রীয় গৃহ মন্ত্রীৰ নির্দেশমর্মে মহাবীৰ লাচিত বৰফুকনৰ জীৱন গাঁথা ভাৰতবর্ষৰ প্রতিটো ভাষাতে অনুবাদ কৰি ৰাজ্যসমূহৰ পুথিভঁৰাললৈ প্রেৰণ কৰাৰ ফলশ্রুতিত দেশৰ বহু কেইখন ৰাজ্যৰ পাঠ্যপুথিত মহাবীৰ লাচিত বৰফুকনৰ সম্পর্কত অধ্যায় অন্তর্ভুক্ত হৈছে৷

আজি বডোফা উপেন্দ্র নাথ ব্রহ্মৰ পৱিত্র স্মৃতিত আয়োজিত এই অভূতপূর্ব অনুষ্ঠানে বডো সমাজক  আৱেগিক কৰি তুলিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে  বডোফা উপেন্দ্র নাথ ব্রহ্মই ৰাষ্ট্রীয় পর্যায়ত এনে এক সন্মান লাভ কৰাটো ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ বিষয়৷ তেওঁ কয় যে বডোফা উপেন্দ্র নাথ ব্রহ্মদেৱ এনে এক সন্মানৰ যোগ্য অধিকাৰী৷ তেওঁ হৈছে শান্তি, জনজাতীয় সমাজৰ উত্থান আৰু আত্ম–ধিকাৰৰ প্রতীক৷

অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তা, কেন্দ্রীয় বৈদেশিক পৰিক্রমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পবিত্র মার্ঘেৰিটা, অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প আদি বিভাগৰ মন্ত্রী উর্খাও গৌৰা ব্রহ্ম, সাংসদ জয়ন্ত বসুমতাৰী, ৰণগৌডা নার্জাৰী, বাসুৰী স্বৰাজ, বিধায়িকা শিখা ৰয়, বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডো, দিল্লীৰ মেয়ৰ ৰাজা ইকবাল, বডো সাহিত্য সভাৰ সভাপতি সুৰথ নার্জাৰী, সদৌ বডো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বডোৰ উপৰি অসম চৰকাৰৰ মুখ্য সচিব ডঙ্ম ৰবি কোটা  প্রমুখ্যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বিষয়াবর্গ আৰু গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷

The post Bodofa News : নতুন দিল্লীত বডোফা উপেন্দ্র নাথ ব্রহ্মৰ প্রতিমূর্তি উন্মোচন first appeared on নিয়মীয়া বাৰ্তা.

অসমীয়া নাৰীক অপমান কংগ্ৰেছৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ এপ্ৰিলঃ কংগ্ৰেছে অপমান কৰিছে অসমীয়া নাৰীক। এ পি এছ চি নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন নপঢ়াকৈ মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ ৰাজনৈতিক বিষবাষ্প বিয়াপোৱা কংগ্ৰেছ দলক অসমীয়া নাৰীক অপমান নকৰিবলৈ সকীয়নি প্ৰদান কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই।

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আজি ছ’চিয়েল মিডিয়াযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন লোকৰ বাবে অসমৰ সুস্থিৰ পৰিৱেশটো অসামাজিক কথাৰে বিনষ্ট নকৰিবলৈ কংগ্ৰেছক সকীয়াই দিয়ে। তেওঁ কয় যে এ পি এছ চি নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন নপঢ়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যক লৈ ৰাজনৈতিক বিষবাষ্প বিয়াপোৱা কংগ্ৰেছ দলে অসমীয়া নাৰীক অপমান কৰাটো বন্ধ কৰক। অসমীয়া নাৰী।

অসমৰ শিক্ষিত যুৱ প্ৰজন্মৰ সপোন আৰু প্ৰতিভাক লাঞ্ছিত কৰা ৰাকেশ পালৰ চৰিত্ৰৰ অধঃপতনৰ কথা তেখেতৰ মাতৃয়ে দুখেৰে উল্লেখ কৰাৰ বিষয়ে প্ৰতিবেদনত উল্লেখ আছে। গতিকে এনে এজন লোকৰ বাবে অসমৰ সুস্থিৰ পৰিৱেশটো অসামাজিক কথাৰে বিনষ্ট নকৰিব।

উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে ছ’চিলেয় মিডিয়াযোগে প্ৰকাশ কৰা কথাখিনিৰ লগতে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ প্ৰতিলিপি এটাও সংলগ্ন কৰি দিয়ে।

য’ত স্পষ্টকৈ উল্লেখ আছে, ‘I would also like to disclose that Shri Paul used to have illicit relationship with some lady candidates including Smt…… Smt……….. They became part and parcel of his life and used to stay in Paul’s residence throughout the day. Shri Paul’s wife and mother were well aware of such illicit relationship and thus were mentally disturbed. This is precisely the reason as to why Shri Paul’s wife stayed away from him at a flat near ADGP (Border) Office, Guwahati. Shri Paul’s mother used to tell me in assamese “Charitrar patan hoise”.

The post অসমীয়া নাৰীক অপমান কংগ্ৰেছৰ first appeared on নিয়মীয়া বাৰ্তা.

পাকিস্তান সন্ত্ৰাসবাদীৰ আড্ডাস্থলী – হিমন্ত বিশ্ব শৰ্মা
বাৰ্তা ব্যুৰো,  বৰপেটা ৩০ এপ্ৰিলঃ পাকিস্তান সন্ত্ৰাসবাদীৰ আড্ডাস্থলী। এই মন্তব্য মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মই কংগ্ৰেছক ভয় নকৰো৷ মই মাৰ গাখীৰ খায়ে জন্ম লৈছো ৷ মোক কংগ্ৰেছে কি সময় দিয়ে৷ মোক ফাল্টু ভাবিছে নেকি৷ মই এতিয়া কেচ দিলে কংগ্ৰেছ বিলাক ক’ত যাব৷ মই মুখ্যমন্ত্ৰী হয়৷ নজনাকে নপঢ়াকৈ মই একো নকও৷ যদি সাহস আছে এজন কংগ্ৰেছী মোৰ লগত থিয় হৈ জাষ্টিচ বিপ্লব শৰ্মাৰ প্ৰতিবেদন পঢ়ক৷

ৰাকেশ পালক একো কৰিব নোৱাৰে একেলগে লুটি পুটি খোৱাৰ বাবে৷ এতিয়া মোক সময় দিয়ে ৷ কংগ্ৰেছে প্ৰথম উত্তৰ দিব লাগে কিয় ৰাকেশ পালক এ পি এছ চিৰ  অধ্যক্ষ কৰিছিল৷ সোণৰ গহণা বিয়াত কিয় প্ৰেজেন্ট লৈছিল-এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷

আজি বৰপেটা জিলাৰ নগাওত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ বিজয় সংকল্প সমাৰোহত  অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ কংগ্ৰেছ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰীক ২৪ ঘন্টা সময়সীমা বান্ধি দিয়াক লৈ  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেও কয় যে কংগ্ৰেছে একেলগে লুটি পুটি খোৱাৰ বাবে ৰাকেশ পালক একো কৰিব নোৱাৰে ৷

এতিয়া কংগ্ৰেছে মোক সময় দিয়ে৷ মোক নহয়, বিপ্লৱ শৰ্মাক সময় দিয়ক৷ মই মাৰ গাখীৰ খায়েই ডাঙৰ হৈছো৷ মই কংগ্ৰেছক ভয় নকৰো৷ ইপিনে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিবামনি বৰাৰ ওপৰত আক্ৰমণৰ ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ধিং ৰুপহীহাটত আমাৰ বুথ কমিটিয়ে নাই ৷

তাত আমাৰ মানুহে নাই৷ কেনেকৈ আক্ৰমণ কৰিব ৷ ত্ৰিশ লাখ পঞ্চাশ লাখত কংগ্ৰেছৰ টিকট কিনা বেচা হৈছে৷  ত্ৰিশ লাখত টিকট নোপোৱা জনে গাড়ীত আক্ৰমণ কৰিছে৷ কংগ্ৰেছত দুটা গ্ৰুপ আছে৷ ইটো গ্ৰুপে সিটো গ্ৰুপৰ লগত আক্ৰমণ প্ৰত্যাক্ৰমণ কৰি থাকিব৷ গৌৰব গগৈ ৰকিবুল হুছেইনৰ মাজত এটা  গ্ৰুপ৷  লাহৰীঘাটৰ এম এল এৰ এটা গ্ৰুপ৷ প্ৰদ্যুৎ বৰদলৈৰ এটা গ্ৰুপ৷ এই গ্ৰুপ কেইটাৰ মাজতে মাৰামাৰি হৈ আছে ৷

আনহাতে গৌৰব গগৈৰ পাকিস্থান ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে পাকিস্থান কোনো পৰ্যটন ক্ষেত্ৰ নহয় ৷ পাকিস্তান সন্ত্ৰাসবাদীৰ আড্ডাস্থলী ৷  পাকিস্থানত ১৫ দিন থকাটো সহজ কথা নহয়৷ সময়ত এই কথাবোৰ সোধ-পোছ হব ৷

ইপিনে কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ  মুৰ বিহীন ফটো প্ৰকাশ কৰা ঘটনাক সমালোচনা কৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীক এই সময়ত আমি সমৰ্থন কৰিব লাগে৷ কংগ্ৰেছৰ একাংশই পাকিস্তান-ক সমৰ্থন কৰি আছে৷ তেওলোকে প্ৰধানমন্ত্ৰীৰ ডিঙিটো কাটি মাটিত পেলাই দিছে৷ কৰিব লাগিছিল পাকিস্তান-ৰ প্ৰধানমন্ত্ৰীৰ কৰিছে কিন্তু কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ৷ কংগ্ৰেছ ভাৰত বিৰোধী শক্তিৰ দ্বাৰা পৰিচালিত৷ নিৰ্ব্বাচনী সভাত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,সংখ্যালঘূ ৰাইজে দীৰ্ঘদিন ধৰি কংগ্ৰেছক ভোট দি আহিছে৷

তেওঁলোকৰ মতে,বিজেপি বেয়া,কংগ্ৰেছ ভাল৷ কংগ্ৰেছক ভোট দিয়াসকলে মোক কওঁক, কোকৰাঝাৰ, ওদালগুৰিত সংঘটিত গোষ্ঠীগত সংঘৰ্ষ বিজেপিৰ দিনত নে কংগ্ৰেছৰ দিনত হৈছিল৷ বিজেপিৰ দিনত আজি গোষ্ঠীগত সংঘৰ্ষ নাই,বোমা বিস্ফোৰন নাই৷ এক শান্তিৰ পৰিৱেশত অসমখন আগবাঢ়ি গৈছে ৷

তেওঁ কয় যে,কংগ্ৰেছৰ দিনত এটা অংগনবাদী চাকৰিৰ কাৰণেও টকা দিব লাগিছিল ৷ আনকি আঠুৱা সুতা কম্বলৰ কাৰণেও কংগ্ৰেছৰ দালালক টকা দিব লাগিছিল ৷ কংগ্ৰেছৰ দিনত আমাৰ চাৰিওফালে অশান্তিময় পৰিৱেশ সৃষ্টি হৈছিল৷ কংগ্ৰেছক যদি ভোট দিয়ে আমি পুণৰ লুঙি,ধূতি পাম আৰু বিজেপিক ভোট দিলে অৰুণোদয় পাম ৷

তেওঁ কয় যে,কংগ্ৰেছক ভোট দি কোনো লাভ নাই৷ কংগ্ৰেছ এতিয়া ৰাইজৰ লগত নাই৷ কংগ্ৰেছ পাক্কা হাৰিব৷ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,বিজেপিৰ দিনত ঠেলাৱালা,ৰিস্কাৱালাৰ লৰাই এচিএচ চাকৰি পাইছোঁ ৷ আজি অসমত সকলোৱে বুজি উঠিছে,লৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰালে কৰবাত নহয় কৰবাত এটা চাকৰি পাব ৷

আনহাতে,ভাষণ প্ৰসংগত তেওঁ পঞ্চায়ত নিৰ্বাচনত  প্ৰায়কেইখন জিলাতেই জিলা পৰিষদ গঠন কৰিব বুলি দাবী কৰে ৷ তেও আৰু  কয় যে, এই পাঁচ বছৰ আমাৰ বাবে নৃত্য নাটিকা৷ এই পাঁচ বছৰত শিকিলো, বুজিলো, কৰিলো ৷ অহা পাচ বছৰত আৰু অধিক কাম আমি কৰিম ৷ ইপিনে মুখ্যমন্ত্ৰী গৰাকীয়ে বৰপেটা জিলাৰ সমস্যা সমূহ লাহে লাহে দুৰীকৰণ কৰিম বুলি উল্লেখ কৰি তেওঁ কয় যে,আমিনগাঁৱৰ পৰা বৰপেটালৈ ৰাষ্ট্ৰীয় ঘাইপথ হব পিচলৈ ৰেলপথও হব ৷ বৰপেটা, পাটবাউসী সত্ৰৰ উন্নয়ন সাধন কৰাৰ দৰে পৰৱৰ্তী সময়ত বহৰি সত্ৰ উন্নয়নৰ বাবেও কাম কৰা হব৷

আজিৰ সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, জয়ন্ত মল্ল বৰুৱা, বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, প্ৰাক্তন বিধায়ক ডাঃ তাৰা প্ৰসাদ দাস, বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ বৰপেটা জিলাৰ সহ: প্ৰভাৰী বিভূতি ভুষণ বৰঠাকুৰ, অসম পেট্ৰ’কেমিকেল লিমিটেডৰ সঞ্চালক জিতু তালুকদাৰ, বিজেপিৰ জিলা সভাপতি মহেন্দ্ৰ দাস, নিপা কলিতা, অনিল দাসকে ধৰি কেবাগৰাকী অগপ বিজেপি নেতাই অংশগ্ৰহণ কৰে ৷

প্ৰেৰক নৱজিত বায়ন

The post পাকিস্তান সন্ত্ৰাসবাদীৰ আড্ডাস্থলী – হিমন্ত বিশ্ব শৰ্মা first appeared on নিয়মীয়া বাৰ্তা.

পাকিস্তান-ৰ সমৰ্থকৰ ভোট আমাক নালাগে
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ এপ্ৰিলঃ পাকিস্তান-ৰ সমৰ্থকৰ ভোট আমাক নালাগে। কংগ্ৰেছ দলে টিকটৰ লগত এখন এখন দুৰ্নীতিৰ লাইচেন্স দি দিছে। কংগ্ৰেছ দলক আপোনালোকে ভোট নিদিব। কংগ্ৰেছ দলক ভোট দি লাভ নাই। আমি ৰাষ্ট্ৰবাদী মানুহ সকলোৰে ভোট বিচাৰিম। আপোনালোকে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়ক।- এই আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ।

আজি ৰহাত চাপৰমুখ জিলা পৰিষদ সমষ্টিৰ বিজেপি-অগপ মিত্ৰজোঁটৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰি এইদৰে ৰাইজক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। সভাত তেওঁ কংগ্ৰেছ দলৰ লগতে শিৱসাগৰৰ বিধায়ক অখিল গগৈক তীব্ৰ কটাক্ষ কৰে।

তেওঁ কয় যে হিন্দুৱে হওক, মুছলমানেই হওক, যিয়ে ৰাষ্ট্ৰক ভাল পায়, যিয়ে ভাৰত মাতাক ভাল পায়, অসমক ভাল পায় সকলোকে বিজেপি-অগপ মিত্ৰজোঁটক ভোট দিয়ক। পাকিস্তানৰ সমৰ্থকসকলৰ ভোট আমাক নালাগে। পাকিস্তানৰ সমৰ্থককেইটাই কংগ্ৰেছক ভোট দিয়ক, অখিল গগৈক ভোট দিয়ক বুলি কটাক্ষ কৰে।

সভাৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে ৰহাবাসীক উদ্দেশ্যি কয় যে ২০১১ চনত ৰহাবাসীয়ে যদি মোক বিধায়ক নিৰ্বাচিত নকৰিলেহেঁতেন, আজি মই ক’ত থাকিলোহেঁতেন হয়তো নিজেও নাজানিলোহেঁতেন। তেওঁ কয় যে মই য’তেই নাথোকো কিয় মোৰ প্ৰতিষ্ঠাতা আপোনালোক।

যদিও আজি জাগীৰোডৰ মই বিধায়ক, ৰহা সমষ্টিৰ লগত মোৰ সম্পৰ্ক নাইকিয়া হৈ যোৱা নাই। আপোনালোকৰ বদন্যতাত, আপোনালোকৰ আশীৰ্বাদত, ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰত মই মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈকে সক্ষম হৈছো। আপোনালোকৰ আশীৰ্বাদত তিনিবাৰ বিধায়ক, দুবাৰ মন্ত্ৰী হ’লো। এই গোটেইবোৰৰ কৃতিত্ব আপোনালোকৰ।

মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ হাটবৰ, আমচৈ, কমাৰগাঁৱৰ ৰাইজৰ আজিৰ পৰা ৪ বছৰৰ আগলৈকে সকলোতকৈ ডাঙৰ সমস্যাটো আছিল কপিলী দলঙৰ আছিল বুলি উল্লেখ কৰে। ৰহা সমষ্টিত তেওঁ প্ৰায় ১২ খন দলং নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা বুলি কয়।

তেওঁ কয় যে এটা সময়ত ৰহা সমষ্টিৰ ৰাস্তা-ঘাটৰ অৱস্থা অত্যন্ত বেয়া আছিল। ৰহাৰ পৰা বৈছালাছ’লৈ যাওঁতে ৪ ঘণ্টা লাগিছিল। আজি সেই পৰিৱেশ নাই, সুন্দৰ ৰাস্তা নিৰ্মাণ কৰা হ’ল। সেই ৰাস্তাটোৰো আধাৰশিলাৰ ফলকত এতিয়াও মোৰ নাম আছে। আনহাতে, ধৰমতুলৰ পৰা কামপুৰলৈকে মথাউৰিটোৰ অৱস্থা খুব বেয়া আছিল, সেইখিনি সময়তে প্ৰায় ১০৯ কোটি টকা দিল্লীলৈ গৈ কেন্দ্ৰীয় মন্ত্ৰীক কাকুতি-মিনতি কৰি এই টকা আনি মথাউৰিটো নিৰ্মাণ কৰিছিলো।

আজিও মথাউৰিটো শক্তিশালী হৈ আছে বুলি তেওঁ উল্লেখ কৰে। সেইখিনি সময়ৰ সুবিধা-অসুবিধাৰ কথা বৰ্ণনা কৰি মন্ত্ৰীগৰাকীয়ে সেই সময়ত সুবিধাটো অলপ কম আছিল বুলি কয়। তেওঁ কয় যে এতিয়া যেনেদৰে শশীদাসে বছৰত ৰাস্তা বনাবলৈ ৬০ কোটি টকা পায়, তেতিয়া পোৱা নাছিলো। কিন্তু যুঁজ-বাগৰ কৰি তেতিয়াও মই ৰাস্তা বনাইছিলো। এয়া একমাত্ৰ ৰহাবাসী ৰাইজৰ কাৰণে তেওঁ কৰা বুলি উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে আজি চাৰিওফালে কংগ্ৰেছৰ নিজৰ মাজতে মাৰপিটৰ ঘটনা সংঘটিত হৈছে। টিভি, পেপাৰত আপোনালোকে এইবোৰ দেখি আহিছে। আনকি তেওঁলোকৰ সাংসদজনক বিজেপিয়ে আক্ৰমণ কৰা বুলি তেওঁলোকে মিছা প্ৰচাৰ চলাইছিল। পিছত ওলাই পৰিল যে টকা দিও টিকট নোপোৱা তেওঁলোকৰ জিলা পৰিষদৰ এজন প্ৰাৰ্থীয়ে সাংসদজনক আক্ৰমণ কৰিছিল।

বিজেপিত এনেকুৱা ঘটনা ক’ৰবাত সংঘটিত হৈছে নেকি বুলি তেওঁ প্ৰশ্ন কৰে। বিজেপিত এনেকুৱা ঘটনা ঘটা নাই। কাৰণ কংগ্ৰেছে টকা লৈ দুৰ্নীতি কৰাৰ লাইচেন্স দিয়ে। ২০-৩০ লাখ টকা দি টিকট লোৱা মানুহজন জিকিলে, সেই টকা তেওঁ দুৰ্নীতি কৰিয়ে ঘটিব লাগিব। দুৰ্নীতি কৰিয়ে তেওঁ ন্যূনতম ১ কোটি টকা ঘটিব লাগিব আৰু তেওঁ ৰাইজৰ টকা খাব লাগিব। গতিকে কংগ্ৰেছ টিকটৰ লগত এখন এখন দুৰ্নীতিৰ লাইচেন্স দি দিছে।

গতিকে এনেকুৱা দলক ভোট দি লাভ নাই তেওঁ মন্তব্য কৰে। তেওঁ কয় যে আমি ৰাষ্ট্ৰবাদী মানুহ সকলোৰে ভোট বিচাৰিম। হিন্দুৱে হওক, মুছলমানেই হওক যিয়ে ৰাষ্ট্ৰক ভাল পায়, যিয়ে ভাৰত মাতাক ভাল পায়, অসমক ভাল পায় সকলোকে বিজেপি মিত্ৰজোঁটক ভোট দিবলৈ তেওঁ আহ্বান জনায়। তেওঁ কয় যে পাকিস্তানৰ সমৰ্থকসকলৰ ভোট আমাক নালাগে। পাকিস্তানৰ সমৰ্থককেইটাই কংগ্ৰেছক ভোট দিয়ক, অখিল গগৈক ভোট দিয়ক।

মন্ত্ৰীগৰাকীয়ে ভাষণত ৰহাৰ ৩০ হাজাৰ মহিলাই অহা দুই মাহত অৰুণোদয় পাব বুলি উল্লেখ কৰাৰ লগতে অহা ছেপ্টেম্বৰ মাহত আৰু ৫ হাজাৰ মহিলাক বিধায়ক শশীকান্ত দাসে অৰুণোদয় দিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। অৰুণোদয়ৰ টকাখিনি সোণৰ কোণী পৰা হাঁহ হ’ব বুলি মন্তব্য কৰে। এই টকাৰে ব্যৱসায় কৰি মহিলাসকল স্বাৱলম্বী হ’ব পাৰিব।

তেওঁ অৰুণোদয়ৰ টকাখিনি ব্যৱসায়ৰ বাহিৰে আন কামত ব্যৱহাৰ নকৰিবলৈ মহিলাসকলক আহ্বান জনায়। অৰুণোদয়ৰ উপৰি মন্ত্ৰীগৰাকীয়ে নিযুত মইনা, ৰেচন কাৰ্ড, কৃষকৰ বাবে লোৱা পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে আজি ৰহা বিধানসভা সমষ্টিত আজি বিজেপি মিত্ৰজোঁটৰ চাপৰমুখ জিলা পৰিষদৰ প্ৰাৰ্থী জোনালীম দাস ডেকাৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ চুকে-কোণে ব্যাপক বিকাশ, উন্নয়ন সাধন হৈছে বুলি উল্লেখ কৰি পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ৰহা বিধানসভা সমষ্টিত বিজেপি-অগপ মিত্ৰজোঁটৰ ফুলগুৰি বাৰপূজীয়া জিলা পৰিষদৰ প্ৰাৰ্থী ৰূপজ্যোতি বৰদলৈ দাসৰ হৈ এখন বিশাল পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। মন্ত্ৰীগৰাকীয়ে সভাত আৰু মাত্ৰ ৬ দিন পাছত সমষ্টিটোত পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি পঞ্চায়তৰ নিৰ্বাচনটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্বাচন বুলি মন্তব্য কৰে।

তেওঁ কয় যে আমাৰ যি তিনিখলপীয়া চৰকাৰী ব্যৱস্থা তথা শাসন ব্যৱস্থা তাত থাকে পঞ্চায়ত বা টাইন কমিটী, তাৰ পাছত থাকে বিধানসভা আৰু তাৰ পাছত থাকে লোকসভা। এই তিনিটা ব্যৱস্থাৰে আমি শাসন চলাও বা ৰাইজৰ উন্নতিৰ কাৰণে কাম কৰো। উন্নয়নৰ ক্ষেত্ৰত পঞ্চায়তৰ যথেষ্ট ভূমিকা আছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰি ভালদৰে চিন্তা-চৰ্চা কৰি সেয়ে পঞ্চায়তৰ ভোট দিব লাগে বুলি উল্লেখ কৰে।

তেওঁ কয় যে ভালদৰে চিন্তা-চৰ্চা কৰি আমি ভোট দিব লাগে, যাতে ভাল দল, ভাল মানুহ নিৰ্বাচিত হয় আৰু পৰৱৰ্তী পাঁচ বছৰ তেওঁলোকে আমাক ভালদৰে শাসন কৰে। বিগত ১০ বছৰত অসমত যথেষ্ট পৰিৱৰ্তন হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি বিজেপি চৰকাৰৰ উন্নয়নী যাত্ৰাক অধিক উৎসাহিত কৰিবলৈ সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়।

এই সভাতে, ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ তথা সুশাসনত আকৃষ্ট হৈ বহুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁলোকক বিজেপি দললৈ আদৰণি জনায় আৰু সকলোকে নিষ্ঠাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়।

এই প্ৰচাৰ সভাত বিধায়ক শশীকান্ত দাস, নগাঁও জিলা বিজেপিৰ সভাপতি ৰঞ্জিত বৰদলৈ, প্ৰাক্তন সভাপতি অভিজিৎ নাথ, অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি সঞ্জীৱ কুমাৰ দেউৰীৰ লগতে বিজেপি দলৰ বহুসংখ্যক বিষয়া-কাৰ্যকৰ্তা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ সদস্য আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

The post পাকিস্তান-ৰ সমৰ্থকৰ ভোট আমাক নালাগে first appeared on নিয়মীয়া বাৰ্তা.

পাকিস্তান-ক এশিকনি দিবলৈ মোদীক শক্তিশালী কৰক – হিমন্ত বিশ্ব শর্মা
নিয়মীয়া বার্তা, ৩০ এপ্ৰিল : পাকিস্তান-ক এশিকনি দিবলৈ মোদীৰ হাত শক্তিশালী কৰক – হিমন্ত বিশ্ব শর্মা। নলবাৰী জিলা বিজেপিৰ উদ্যোগত আজি পশ্চিম নলবাৰীৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়  খেল পথাৰত  সমাগত পঞ্চায়ত নির্বাচনৰ বিজেপিৰ বিজয় সংকল্প সমাবেশ অনুষ্ঠিত হয়।

মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি কয় যে অসমত তৰুণ গগৈ চৰকাৰে পোন্ধৰ বছৰ শাসন চলাইছিল। তৰুণ গগৈ চৰকাৰে আমাক লুঙি,ধুতি,সুতা,আঠুৱা কম্বল এই পঞ্চামৃত দিছিল আৰু এইখিনি দিওঁতেই দালালে টকা লৈছিল। কংগ্ৰেছে মহিলা সকলক সভালৈ মাতি পাঁচ হাজাৰ মহিলাৰ মাজত দুশ বাণ্ডিল সূতা দলিয়াই দিছিল আৰু মহিলা সকলক ঠগিছিল।

এইদৰে কংগ্ৰেছক সমালোচনা কৰাৰ লগতে অৰুণোদয় পাব লাগিলে বিজেপিক ভোট দিব লাগিব বুলিও মন্তব্য কৰে।লুঙি ধূতি কংগ্ৰেছৰ পাৰ্টিৰ নাম বুলি কোৱাৰ লগতে আগন্তুক  দিনত নলবাৰীৰ বৰক্ষেত্ৰী,নলবাৰী আৰু টিহু সমষ্টিত পুনৰ চাৰি হাজাৰ মহিলাক অৰুণোদয় দিয়া হব বুলিও মন্তব্য প্ৰকাশ কৰে।

আনহাতে ভাষন প্ৰসংগত তেওঁ আৰু কয় এতিয়াৰ পৰা বিনামূলীয়া নামভৰ্তিৰ বাবে একো প্ৰমাণপত্ৰ নালাগে ৰেচন কাৰ্ড দেখুৱালেই হৱ বুলি কোৱাৰ লগতে এক অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত দাইল,চেনী,নিমখ দিয়া হৱ বুলি প্ৰতিশ্ৰুতি দিয়ে।

ইফালে চিলিণ্ডাৰৰ দাম এহাজাৰৰ পৰিবর্তে  মাত্র ছয়শ পঞ্চাশ টকাত দিয়া হব উজ্বলা গেছ থকা সকলে ২৫০ টকাত গেচ চিলিণ্ডাৰ পাৱ বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে। জুন মাহত নলবাৰীৰ মহিলাসকলে দহ হাজাৰকৈ টকা পাৱ আৰু অহাবাৰ বিজেপিৰ চৰকাৰ আহিলেই  মহিলা সকলক  মোবাইল ফোন দিম বুলিও তেওঁ আশ্বাস প্ৰদান কৰে।

কংগ্ৰেছৰ দিনত অঙ্গনৱাড়ী পদতো দুই লাখ টকাৰ ঘোছ দিব লাগিছিল  আজি চাকৰিৰ নামত টকা লৱ নোৱাৰা হল। একেদৰে মই প্ৰথম বাৰ মুখ্যমন্ত্ৰী হৈছো, শিকোঁতে বুজোঁতে সময় লাগিল তথাপি প্ৰতিটো মুহূৰ্তত ৰাইজৰ বাবে কাম কৰিছোঁ বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।  এইবাৰ যি কৰিছোঁ সেয়া নৃত্যনাটিকা আগন্তুক দিনত আচল থিয়েটাৰ দেখুওৱা হৱ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কলে আমি অসমীয়া ভাষাক ধ্ৰূপদী ভাষাৰ স্বীকৃতি দিয়ালোঁ, বিহুক মহাসভালৈ  নিয়া হল,ঝুমুইৰ বিশ্ব সভালৈ গল,ব্ৰহ্মপুত্ৰত দলঙ হল।

মোৰ চাৰি বছৰীয়া কাৰ্যকাল  কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া কাৰ্যকালৰ লগত তুলনাই নহয়।ইপিনে অহা এক অক্টোবৰৰ পৰা অঙ্গনৱাড়ী, আশা, জীৱিকা সখী, টিউটৰ, মধ্যাহ্ন ভোজন ৰান্ধনীৰ দৰমহা বাঢ়িব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইপিনে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছক তুলাধূনা দি কয় যে কংগ্ৰেছ নিলৰ্জ। কংগ্ৰেছে অসম বাসীৰ ওচৰত ক্ষমা খুজিব লাগে। মোৰ ওপৰত গোচৰ তৰাৰ আগতে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন পঢ়ক। ৰাকেশ পালৰ মাকৰ সাক্ষ্যৰে প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৰাকেশ পালৰ কু-কীৰ্তি বুলিও  মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

ৰাকেশ পালক মোৰ পুত্ৰৰ বিয়াত সোণ উপহাৰ লৈ এপি এচ চিত নিযুক্তি দিয়া নাছিলো বুলি তীৰ্যক মন্তব্য কৰি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন পঢ়িবলৈ কংগ্ৰেছক আহ্বান জনায়। ইফালে মূখ্যমন্ৰী গৰাকীয়ে কয় পাকিস্তানক এশিকনি দিবলৈ হলে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালি কৰিব লাগিব৷

আজিৰ বিজয় সংকল্প সমাৱেশত নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱা,,সাধাৰণ সম্পাদক পুলক কুমাৰ শৰ্মা, উপ সভাপতি পবিত্ৰ কুমাৰ ডেকাকে ধৰি জিলাখনৰ বহু নেতা কৰ্মী উপস্থিত থাকে। নিৰ্বাচনী প্ৰচাৰ সভাত জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,জয়ন্ত মল্ল বৰুৱা, জিএমডিএৰ অধ্যক্ষ নাৰায়ন ডেকা ,অসম চলছিত্র নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ,সাংসদ ফণীভূষণ চৌধুৰীয়েও নিৰ্বাচনী প্ৰচাৰ চলায়।

প্রেৰক তপন কুমাৰ শর্মা

The post পাকিস্তান-ক এশিকনি দিবলৈ মোদীক শক্তিশালী কৰক – হিমন্ত বিশ্ব শর্মা first appeared on নিয়মীয়া বাৰ্তা.

উজ্বলা গেছৰ কাৰ্ডধাৰীলৈ ২৫০ টকাত চিলিণ্ডাৰ
নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিল : উজ্বলা গেছৰ কাৰ্ডধাৰী পৰিয়াললৈ ২৫০ টকাত চিলিণ্ডাৰ । স্বৰাজোত্তৰ কালত কংগ্ৰেছ চৰকাৰে অধিক সময় শাসনত থাকিও কোনো বিশেষ উল্লেখনীয় কাম কৰিবলৈ সক্ষম নহ’ল। কিন্তু বিজেপিয়ে অতি কম সময়ৰ ভিতৰতে দেশখনৰ লগতে ৰাজ্যখনক দ্ৰুত উন্নয়নৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হৈছে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

আজি ৰঙিয়া সমষ্টিৰ অন্তৰ্গত চেপ্তিৰ মোদী ফিল্ডত অনুষ্ঠিত বিশাল বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকলৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই উদাত্ত ভাষণ দি কয় যে কংগ্ৰেছৰ দিনত চাকৰি দি পইচা লৈ নেতাবোৰে ডাঙৰ ডাঙৰ ঘৰ বনাইছে। কিন্তু আমি এখন তামোল-পাণ নোখোৱাকৈয়ে ডেৰ লাখ চাকৰি দিলোঁ। কংগ্ৰেছৰ বাবে লুঙী , ধুতি , সূতা কম্বল আৰু আঁঠুৱা হৈছে পঞ্চামৃত।

এইখিনিৰ নামতো বহুত দুৰ্নীতি হৈছিল। সেইবাবে কংগ্ৰেছক লুঙীৰ প্ৰতীক ল’বলৈ পৰামৰ্শ দিছোঁ। ইয়াৰ বাহিৰে একো কাম কৰিব নোৱাৰিলে। কিন্তু ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৃষক সন্মান নিধি, শৌচাগাৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা, আয়ুষ্মান, অৰুণোদয়, নিযুত ম‌ইনা আদিকে ধৰি দৰিদ্ৰ পৰিয়ালৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰা হৈছে।

ৰঙিয়াৰ লগতে হাজো আৰু কমলপুৰত প্ৰতি সমষ্টিত ১৬ হাজাৰকৈ পৰিয়ালক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে। বিধায়ক ভৱেশ কলিতাৰ অনুৰোধ মৰ্মে এই সমষ্টি কেইটাত আৰু অধিক ৪ হাজাৰকৈ পৰিয়ালক অৰুণোদয় আঁচনি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। আনহাতে ৰেচন কাৰ্ডত চাউলৰ লগতে অহা ১ অক্টোবৰৰ পৰা দাইল, নিমখ আৰু চেনী ৰেহাই মূল্যত দিয়াৰ ব্যৱস্থা কৰা হ’ব।

ইফালে ৰাইজৰ অনুৰোধ মৰ্মে মিঠাতেল ৰেহাই মূল্যত দিয়াৰ চিন্তা কৰা হ’ব। ইয়াৰ উপৰি ৰন্ধন গেছৰ মূল্য ৬০০-৬৫০ টকাৰ ভিতৰত দিয়াৰ ব্যৱস্থা কৰা হ’ব। উজ্বলা গেছৰ কাৰ্ড থকা পৰিয়ালে মাত্ৰ ২৫০ টকাত চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ’ব। ৰেচন কাৰ্ড থাকিলে ইনকাম চাৰ্টিফিকেট নোহোৱাকৈ কলেজত বিনামূলীয়া নামভৰ্তি হৈ যাব বুলি কয়। চৰকাৰী বিদ্যালয় সমূহ ৮ কোটি টকাৰে নতুনকৈ নিৰ্মাণ কৰি ডনবস্ক’, ছেন্ট মেৰিজ স্কুলতকৈও ধুনীয়া কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জনায়।

জ্যেষ্ঠ বিজেপি নেতা ভৱেশ ডেকাই আঁত ধৰা সভাখনত সাংসদ তথা ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, স্থানীয় বিধায়ক ভৱেশ কলিতা, মন্ত্ৰী ৰঞ্জিত দাস, বিধায়কদ্বয় দিগন্ত কলিতা আৰু সুমন হৰিপ্ৰিয়া, বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী, জিলা সভাপতি ভাস্কৰ কলিতা, পাণ্ডুৰী জিলা পৰিষদৰ প্ৰাৰ্থী নিপন ভূঞা, হৰদত্ত-বীৰদত্ত জিলা পৰিষদৰ প্ৰাৰ্থী মনালিছা কলিতা, পূৱাৰ জিলা পৰিষদৰ প্ৰাৰ্থী কুমুদ কাকতি, বড়িগোগ জিলা পৰিষদৰ প্ৰাৰ্থী গীতিকা দাস উপস্থিত থাকে।

প্ৰেৰক ফাৰুক হুছেইন

The post উজ্বলা গেছৰ কাৰ্ডধাৰীলৈ ২৫০ টকাত চিলিণ্ডাৰ first appeared on নিয়মীয়া বাৰ্তা.

মাজুলী ত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱাল-দিলীপ শইকীয়াৰ
বিশেষ বাৰ্তা, ২৫ এপ্ৰিল : শাসকীয় দল বিজেপি ৰ নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত। সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মাজুলী সমষ্টিত শাসকীয় দলৰ লগতে বিৰোধী দলৰ নেতাসকলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে ৷ ২৪ এপ্ৰিলৰ ৰাতি মাজুলীত বাহৰ পতা বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি পুৱাই উত্তৰ কমলাবাৰী সত্ৰৰ নামঘৰত সেৱা লোৱাৰ লগতে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ সৈতে মত-বিনিময় কৰে ৷ তাৰ পৰা ৰাজ্যিক সভাপতি গৰাকী সতীৰ্থ সহ ঔৱা সত্ৰত উপস্থিত হয় আৰু নামঘৰত সেৱা লৈ সত্ৰাধিকাৰ শৰৎ চন্দ্ৰ গোস্বামীৰ বাসগৃহত পুৱাৰ জলপান গ্ৰহণ কৰে ৷ তাৰ পৰা সভাপতি গৰাকী গড়মূৰস্থিত জিলা বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত দলৰ কৰ্মীসকলৰে মত-বিনিময় কৰে ৷ এই উপলক্ষে কাৰ্যালয়ত জিলা বিজেপিৰ সম্পাদক মানিক শইকীয়াই আঁত ধৰা সভাত প্ৰথমে বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ জিলা বিজেপিৰ বিষয়ববীয়া, চাৰিটা মণ্ডল সমিতিৰ বিষয়ববীয়া, মৰ্চা আৰু বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী সকল উপস্থিত থকা সভাত কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে স্বচ্ছ, নিকা পঞ্চায়ত গঠনৰ বাবে দলীয় প্ৰাৰ্থীৰ জয়যুক্ত নিশ্চিত কৰিবলৈ কাৰ্যকৰ্তা সকলক আহবান জনায় ৷ ৰাজ্যিক সভাপতি শইকীয়াই বিজেপি মিত্ৰদলে চাৰিটা জিলা পৰিষদ, বিশ টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু দুশ ৱাৰ্ড সদস্যৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ সকলো মিত্ৰদলৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ’ব লাগিব ৷ একোটা বুথৰ যোদ্ধা হিচাবে নিজকে নিয়োগ কৰি সকলো চিন্তা বাদ দি নিজৰ বুথত দলীয় প্ৰাৰ্থীৰ জয়যুক্ত কৰাত বলিষ্ঠ ভূমিকা ল’বলৈ কাৰ্যকৰ্তা সকলক আহবান জনায় ৷ লগতে তেওঁ বুথত এশ শতাংশ ‘মন কি বাত’ অনুষ্ঠান ১৮৪ টা বুথত হ’ব লাগিব বুলি কাৰ্যকৰ্তা সকলক কয় ৷ লগতে তেওঁ দলৰ অনুশাসন মানি দলৰ জেষ্ঠ সকলক সন্মান প্ৰদৰ্শনৰ আহবান জনায় ৷ সভাত সমষ্টিৰ কংগ্ৰেছকে ধৰি সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক সহ মুঠ ২১ গৰাকীয়ে বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷ যোগদান কৰা সকলোকে ৰাজ্যিক সভাপতিয়ে দলীয় গামোচা, টুপী পিন্ধাই দললৈ আদৰণি জনায় আৰু নিৰ্বাচনত নিষ্ঠাৰে দলীয় কাম কৰিবলৈ আহবান জনায় ৷সভাৰ প্ৰাকক্ষণত পেহেলগামত হোৱা নৰসংহাৰত মৃত সকলৰ আত্মাৰ সদ্‌গতিৰ কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰে ৷ সভাত ৰাজ্যিক সভাপতিৰ প্ৰথম মাজুলী ভ্ৰমণত উৎফুল্লিত হৈ পৰা জিলা বিজেপিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে দলীয় কৰ্মীৰ তৰফৰ পৰা গামোচা, চেলেঙেৰে সম্বৰ্ধনা জনায় ৷ সভাত মাজুলীক নৱ ৰূপ দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰীক বিপুল ভাৱে আদৰণি জনায়৷  ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰঙাচাহিত অনুষ্ঠিত হোৱা এখন বিশাল নিৰ্বাচনী সভাত  ভাষণ প্ৰদান কৰি কয়, পৃথিৱীৰ বুকুত বৃহত্তম নদী দ্বীপ হিচাপে পৰিচিত মাজুলীৰ ৰাইজে মিলিজুলী মাজুলীৰ উন্নয়নৰ বাবে কাম কৰা দেখা পাই মই অত্যন্ত সুখী হৈছোঁ। কলা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ , এটকা মহন্তৰ স্থান বিভিন্ন জাতি জন গোষ্ঠী ,অন্যান্য জনগোষ্ঠীৰ মিলি মাজুলীৰ সৌন্দৰ্য বৃদ্ধিৰ কাৰনে যেনেদৰে কাম কৰিছে তাৰ বাবে মাজুলীৰ ৰাইজৰ ওচৰত মই চিৰ কৃতজ্ঞ। ১৯৯৯ চনত মই সংসদ হিচাপে পৰাভূত হৈছিলোঁ যদিও মাজুলীৰ ৰাইজে মোক আঁকোৱালি লৈছিল, ২০১৪ চনত লোক সভা নিৰ্বাচন, ১৯১৬ চনত বিধান সভা নৰ্বাচন, ২০২১ চনত বিধান সভা নিৰ্বাচনত মই জনপ্ৰতিনিধি হিচাপে ৰাইজৰ সেৱা কৰাৰ সুযোগ লাভ কৰিলোঁ । মই মাজুলী বাসীৰ ওচৰত চিৰ কৃতজ্ঞ হৈ আছোঁ ,থাকিম , জীৱনৰ শেষ মুহূৰ্তলৈকে । অসমৰ বিভিন্ন জিলাৰ বিষয়ে বিশ্লেষণ কৰিলে দেখা পাওঁ মাজুলীত হিংসা অপৰাধমূলক কাম কাজ আটাইতকৈ কম হয়। মাজুলীৰ  ৰাইজে এই কামে প্ৰমাণ কৰি দেখুৱাইছে যে মাজুলী   শান্তি প্রিয় ঠাই।।সেই বাবে অসমতে নহয় ,ভাৰততে নহয় বিশ্বৰ বুকুত মাজুলীৰ নাম সদায় আছে আৰু যুগে যুগে থাকিব । এইখন সমাজৰ বিবেক বান নাগৰিকক বুজনি দুটাৰ মোৰ ধৃষ্টতা নাই ।মই কেৱল আহিছো আপোনালোকক প্ৰণাম জনাবলৈ, সেৱা জনাবলৈ, আপোনালোকৰ আশীষ লবলৈ । পঞ্চায়ত ৰাজ ব্যৱস্থাতত মাজুলীত আপোনালোকে সহায় কৰিব লাগিব। পঞ্চায়তৰাজ যি স্থানীয় চৰকাৰ হব সেই নিৰ্বাচিত ৰাইজৰ প্ৰতিনিধিয়ে অতি নিষ্ঠা আৰু সততাৰ ৰাইজৰ সেৱাত আত্মনিয়োগ কৰিব লাগিব। ৰাইজে নিৰ্বাচন কৰা জনা প্ৰতিনিধি সকলে এই কথা লক্ষ্য কৰিব লাগিব। কি ৱাৰ্ড সদশ্য ,কি সভাপতি, কি এ পি , কি  জেদ পি চি হওক সকলোৱে ৰাইজৰ সেৱাক প্ৰাধান্য দিব লাগিব। পূৰ্বৰ কংগ্ৰেছৰ দৰে শাসন চলালে নহব। কংগ্ৰেছ চৰকাৰে ভাৰতীয় সংবিধান দিয়া গোটেই শাসন ব্যৱস্থাটোকেই ভাঙি ছিঙি চুৰমাৰ কৰিলে । ভাৰতৰ  জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শাসন ব্যৱস্থা পুনৰ নিৰ্মান কৰি  বাপুজিৰ প্ৰকৃত ৰামৰাজ্য প্ৰতিষ্ঠা কৰি  দহ বছৰতে সম্ভৱ কৰি তুলিলে ,ভাৰত চহকী হল, ভাৰত শক্তিশালী হল, ভাৰত বিশ্বৰ  শক্তিশালী অৰ্থনৈতিক দেশ হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে  কেৱল উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ জোটৰ প্ৰাৰ্থী সকলক জয়ী কৰাবলৈ ৰাইজলৈ আহ্বান জনায় । সভাত বিধায়ক ভুৱন গাম ,জিলা সভাপতি দীপক গোস্বামী, প্ৰাক্তন সংসদ তপন  গগৈ , বিজেপি ৰাজ্যিক  মুখপাত্ৰ লক্ষ্যকোঁৱৰ, মাজুলী অবিচি উন্নয়ন বৰ্ডৰ অধ্যক্ষ পঞ্চায়ত নিৰ্বাচনৰ সহ প্ৰভাৰী সিদ্ধাকু অংকুৰ বৰুৱা, আৰু নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী সকল উপস্থিত থাকে ।

The post মাজুলী ত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱাল-দিলীপ শইকীয়াৰ first appeared on নিয়মীয়া বাৰ্তা.