নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াক হৰুৱাই তৃতীয়খন টি–২০ত অনবদ্য প্রত্যাৱর্তন টীম ইণ্ডিয়াৰ

নিউজ ডেস্ক, ২ নৱেম্বৰ : শৃংখলাৰ তৃতীয়খন টি–২০ মেচত অনবদ্য প্রত্যাৱর্তনেৰে অষ্ট্রেলিয়াক পৰাজিত কৰি সমতা স্থাপন কৰে টীম ইণ্ডিয়াই৷ প্রথমে বেটিং কৰি অষ্ট্রেলিয়াই বান্ধি দিয়া ১৮৭ ৰানৰ লক্ষ্য সহজে অতিক্রম কৰে ভাৰতীয় দলটোৱে৷ এই জয়ৰ ফলত ৫খন মেচৰ টি–২০ শৃংখলাত সমতা স্থাপন কৰে সূর্যকুমাৰ যাদৱৰ দলটোৱে৷

টছত জয়লাভ কৰি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ভাৰতীয় অধিনায়ক সূর্যই৷ প্রথম অভাৰতে ট্রেভিচ হেডৰ (৬) উইকেট দখল কৰে অর্শদ্বীপ সিঙে৷ নিজৰ দ্বিতীয় অভাৰতে জছ ইংলিছৰ (১) উইকেটো লাভ কৰে তেওঁ৷ ইয়াৰ পিছত বিধ্বংসী বেটিং কৰে টীম ডেভিদে৷ অধিনায়ক মিছেল মার্শ্বৰ সৈতে ৫৯ ৰানৰ যুটি বান্ধে ডেভিদে৷ মিছেল মার্শ্বক ব্যক্তিগত ১১ ৰানত আউট কৰে বৰুণ চক্রৱর্তীয়ে৷ আনহাতে, ৰান কৰাৰ পূর্বে বৰুণে মিছেল অৱেনৰো উইকেট দখল কৰে৷ ইয়াৰ পিছত ভয়াৱহ হৈ উঠা ডেভিদক বিদায় দিয়ে শিৱম ডুবেই৷ তেওঁ ৩৮টা বলতে ৭৪ ৰান কৰে৷ শেষৰফালে মার্কাছে ৬৯ ৰান কৰাত অষ্ট্রেলিয়াৰ ৰান হয়গৈ ১৮৬৷

প্রত্যুত্তৰত সুন্দৰ আৰম্ভণি ঘটায় ভাৰতীয় অ’পেনাৰ অভিষেক শর্মা আৰু শুভমন গীলে৷ অৱশ্যে অভিষেকে ২৫ আৰু শুভমনে ১৫ ৰান কৰি বিদায় লয়৷ অধিনায়ক সূর্যয়ো ১১টা বলত ২৪ ৰান কৰি আউট হয়৷ তিলক বার্মাই ২৯ আৰু অক্ষৰ পেটেলে কৰে ১৭ ৰান৷ আগ্রাসী বেটিং কৰিবলৈ গৈ ভাৰতীয় বেটাৰসকলে উইকেট হেৰুৱায়৷ কিন্তু ভাৰতীয় ইনিংছক ভৰসা প্রদান কৰে আজি প্রথম খেলিবলৈ নমা জিতেশ শর্মা আৰু ৱাশ্বিংটন সুন্দৰে৷ তেওঁলোকৰ বেটিঙৰ ওপৰত নির্ভৰ কৰি শৃংখলালৈ উভতি আহে ভাৰত৷

ৱাশ্বিংটনে ২৩টা বলত ৪৯ ৰানত অপৰাজিত থকাৰ বিপৰীতে জিতেশে ১৩টা বলত ২২ ৰানৰ এটি সুন্দৰ অপৰাজিত ইনিংছ উপহাৰ দিয়ে৷ তেওঁলোকৰ অনবদ্য ষষ্ঠ উইকেটৰ যুটিত ভাৰতে ৪৩ ৰান সংগ্রহ কৰে৷ অষ্ট্রেলিয়াৰ সফল বলাৰ নাথান ইংলিছে ৩৬ ৰানত তিনিটা উইকেট দখল কৰে৷

আজি ৫ উইকেটত জয়লাভ কৰি ভাৰতে ১–১ ব্যৱধানত ক্ষমতা সমতা স্থাপন কৰে৷ প্রথমখন মেচ বৰষুণৰ বাবে বাতিল হৈছিল৷

You might also like