অসুস্থ, অস্ত্রোপচাৰ হ’ব, নিজেই জনালে Amitabh Bachchan য়ে

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ  শৰীৰ ভাল নাই। অস্ত্রোপচাৰৰ প্রয়োজন। নিজেই জনাইছে বলীউডৰ শ্বাহেংছা অমিতাভ বচ্চনে। কিন্তু তেওঁৰ প্ৰকৃততে কি হৈছিল? অস্ত্রোপচাৰ কি কাৰণে ? বিগ বিয়ে ইয়াৰ বিষয়ে তেওঁৰ ব্লগত স্পষ্টভাৱে একো লিখা নাছিল। যাৰবাবে অনুৰাগীসকলে দুশ্চিন্তাত পৰিছিল।

অমিতাভ বচ্চনে নিজৰ ব্লগত শনিবাৰে লিখিছে, ”মেডিকেল কণ্ডিছন…ছার্জাৰী… আৰু কিছু  লিখিব নোৱাৰিছোঁ।”। তেওঁৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে ছচিয়েল মিডিয়াত অনুৰাগীসকলে তেওঁৰ দ্ৰুত আৰোগ্যৰ কামনা কৰিছে।