জানুৱাৰীত সন্তান প্রসৱৰ পাছতে শ্বুটিঙলৈ উভতিব অনুষ্কা শর্মা

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ জানুৱাৰীত প্রথমটো সন্তানক আদৰিবলৈ সাজু হোৱা মোহময়ী অভিনেত্রী অনুষ্কা শর্মাই শীঘ্রেই শ্বুটিঙলৈ উভতিব৷ সম্প্রতি ইটোৰ পাছত সিটো বিজ্ঞাপনৰ শ্বুটিঙত ব্যস্ত থকা জনপ্রিয় অভিনেত্রীগৰাকীয়ে কয় যে জানুৱাৰীৰ প্রথম সপ্তাহত সন্তান প্রসৱৰ পাছত তেওঁ শিশু, পৰিয়াল আৰু প্রফেছনেল জীৱনৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা চলাব৷ ‘অভিনয়ে মোক সুখী কৰি ৰাখে৷ গতিকে ব্যক্তিগত জীৱনৰ মাজতো মই যিমান পাৰোঁ সোনকালে শ্বুটিঙলৈ উভতিম৷

সম্প্রতি মই জৈৱ সুৰক্ষিত আবেষ্টনীৰ মাজত বিজ্ঞাপনৰ শ্বুটিঙত ব্যস্ত আছোঁ৷ আশা কৰিছোঁ সন্তানৰ আগমনৰ পাছত সোনকালে পুনৰ শ্বুটিং আৰম্ভ কৰিব পাৰিম৷’ –অনুষ্কাই এইদৰে কয়৷