ড্ৰাগছ আসক্ত নেকি ছাৰা আলী খান!

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তই পোহৰলৈ আনিছে বলীউদৰ বহু ক’লা অধ্যায়। নিষিদ্ধ ঘোষিত ড্ৰাগছৰ গোপন বেহা চলে বলীউদত। অধিকাংশ অভিনেতা-অভিনেত্ৰী এতিয়া ড্ৰাগছৰ কৰাল গ্ৰাসত।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত হৈ পৰা প্ৰেয়সী ৰিয়া চক্ৰবৰ্তীয়ে NCBক স্বীকাৰোক্তিত  বহুকেইগৰাকী বলীউদৰ অভিনেতা-অভিনেত্ৰীৰ নাম প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত আছে অভিনেতা ছৈয়ফ আলী খানৰ কন্যা ছাৰা আলী খান, ৰাকুল প্ৰীত সিং সীমান্ত খাম্বাতা। এই সন্দৰ্ভত NCB-এ কোনোধৰণৰ চমৰ প্ৰেৰণ কৰা নাই বুলি জানিব পৰা গৈছে।