দিল্লীত বিলাসবহুল ঘৰ কিনিলে কিং খানে, ছবি চেয়াৰ কৰিলে পত্নী গৌৰীয়ে

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ দিল্লীত নতুনকৈ ঘৰ কিনিলে শ্বাহৰুখ খানে। মুম্বাই, ডুবাইৰ লগতে আলিবাগতো বিলাসবহুল ঘৰ আছে অভিনেতা শ্বাহৰুখ খানৰ। ইপিনে ঘৰ আছে লণ্ডনতো। এই ৪ টা বাসস্থানৰ পাছতো এইবাৰ দিল্লীত আকৌ এটা বিলাসবহুল ঘৰ কিনিলে শ্বাহৰুখে।

আপুনি পঢ়ি ভাল পাব পাৰেঃ এইবাৰ কাজিৰঙা দেখুৱালে ডিম্পু বৰুৱাই; বনমন্ত্ৰীয়েও দিলে ধন্যবাদ! ব’লক ভিডিঅ’টো আৰম্ভ কৰো…

কিং খানৰ সেই ঘৰ দেখুৱালে চুপাৰষ্টাৰগৰাকীৰ পত্নী গৌৰী খানে। নিজৰ ছ’চিয়েল মিডিয়াত দিল্লীৰ নতুন বাসগৃহৰ বহু কেইখন আলোকচিত্ৰ তুলি ধৰিলে পত্নী গৌৰীয়ে।

শেহতীয়াকৈ আইপিএলৰ বাবে ডুবাইত আছিল কিং খান। তাতেই পত্নী, সন্তানৰ সৈতে ৫৫ সংখ্যক জন্মদিনো পালন কৰে।