Happy Birthday Sharmila Tagore: ৰূপালী পৰ্দাত বিকিনি পিন্ধা প্ৰথম ভাৰতীয় অভিনেত্ৰী শৰ্মিলা

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ  বলীউডৰ মোহময়ী তথা বৰ্ষীয়ান অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ আজি জন্মদিন। শৰ্মিলাই তেওঁৰ কেৰিয়াৰত এখন নহয়, বহুতো চুপাৰহিট চিনেমা উপহাৰ দিছে।

১৯৪৪ চনৰ ৮ ডিচেম্বৰত কানপুৰত তেওঁৰ জন্ম হৈছিল। আজি, তেওঁ পৰিয়াল আৰু তেওঁৰ সংগীসকলৰ সৈতে তেওঁৰ ৭৬ তম জন্মদিন পালন কৰিছে।

উল্লেখ্য যে শৰ্মিলা ঠাকুৰ আছিল বিকিনি পিন্ধি অভিনয় কৰা প্ৰথম ভাৰতীয় অভিনেত্ৰী। শৰ্মিলা ঠাকুৰে ১৯৬৭ চনত মুক্তি প্ৰাপ্ত ‘এন ইভিনিং ইন পেৰিছ’ চিনেমাখনত এটা সাঁতোৰা সাজপাৰ (Swimsuit) পিন্ধিছিল।

১৯৬৬ চনত তেওঁ ফিল্মফেয়াৰ আলোচনীত আগষ্ট মাহৰ সংখ্যাৰ বাবে দুটুকুৰা বিকিনি পিন্ধিছিল। ইয়াক লৈ সেই সময়ত ব্যাপক চৰ্চাও চলিছিল।