নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ দ্বিতীয় পুত্র সন্তানৰ মাতৃ হৈছে কৰীণা কাপুৰ৷ মঙলবাৰে অভিনেতা ছঈফ আলী খানে কৰীণা আৰু নৱজাতক পুত্রক হাস্পতালৰ পৰা ঘৰলৈ লৈ গৈছে৷ চেলিব্রিটী কাপ’ল হিচাপে পৰিচিত ছঈফ আলী খান আৰু কৰীণা কাপুৰে কালি নৱজাতকক নিজ গাড়ীৰে ঘৰলৈ নিয়াৰ সময়ত হাস্পতালৰ বাহিৰতে পৰিয়ালটোৰ আলোকচিত্র ল’বলৈ সক্ষম হয় কেইবাগৰাকীও কেমেৰামেন৷
ইপিনে নৱজাতকক ঘৰলৈ লৈ যোৱাৰ পিছৰে পৰা টাইমুৰৰ ভায়েকৰ নাম সম্পৰ্কে বহুতো জল্পনা-কল্পনা চলি আছে। এই সন্দৰ্ভত ছঈফ বা কৰীণাই মুখ খোলা নাই যদিও চৰ্চা অব্যাহত আছে।
এই বিষয়ে সোধাত কৰীণাৰ পিতৃ ৰণধীৰ কাপুৰে কয় যে, আকৌ ককাক হোৱাৰ অনুভৱেই বেলেগ। কিন্তু নৱজাতকৰ কি নামকৰণ কৰা হ’ব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। এই সন্দৰ্ভত সোনকালেই এটা সিদ্ধান্ত লোৱা হ’ব বুলি কয় প্ৰৱীণ অভিনেতাগৰাকীয়ে।