OMG! নিজৰ নগ্ন ছবি পোষ্ট কৰিলে জন আব্ৰাহামে! কিন্তু কিয়?

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ ছ’চিয়েল মিডিয়াত গৰম বতাহ বলাই জন আব্ৰাহামে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিছে এখন নগ্ন ছবি।

জনে ছবিখন তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত পোষ্ট কৰিছিল। ছবিখনত বলীউড তাৰকাগৰাকীক এটা ছফাত বহি হাঁহি থকা দেখা গৈছে। আনকি শৰীৰত এটুকুৰা কাপোৰো নাই। ব্যক্তিগত অংশবোৰ গাৰুৰে ঢাকি থকাও পৰিলক্ষিত হৈছে। বহুতে অভিনেতাজনৰ শৰীৰৰ গঠনক প্ৰশংসা কৰিছে।

কিন্তু বলীউড তাৰকা এজনৰ এনে পোষ্ট কিয়? তেওঁ কেপশ্বনটোত উত্তৰ লিখিছে, “পোছাকৰ বাবে অপেক্ষা কৰি আছোঁ।”

জনে মাৰ্চৰ আৰম্ভণিতে এক ভিলেন ৰিটাৰ্ণছৰ (Ek Villain Returns) দৃশ্যগ্ৰহণ আৰম্ভ কৰিছিল। দিশা পাটানি ছবিখনত তেওঁৰ বিপৰীতে অভিনয় কৰিছে। মোহিত সুৰীৰ নিৰ্দেশনাত একেলগে কাম কৰি আছে দুয়োগৰাকী তাৰকাই।