শত্ৰুৰ পৰা সকাহ বিচাৰে কংগনা ৰাণাৱটে! নতুন বছৰৰ প্ৰথম দিনাই ৰাহু-কেতু মন্দিৰ দৰ্শন অভিনেত্ৰীগৰাকীৰ

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। কংগনাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত মন্দিৰত পূজা কৰাৰ কিছু ফটো চেয়াৰ কৰিছে। এই কথা প্ৰকাশ কৰি লিখিছে- ‘সমগ্ৰ বিশ্বৰ ভিতৰতে মাত্ৰ এটা ৰাহু কেতু মন্দিৰ আছে। এইটো তিৰুপতি বালাজীৰ খুব ওচৰত। তালৈ গৈ পূজা আৰু ৰীতি-নীতি পালন কৰো।’

কংগনা ৰাণাৱটে পাতল গুলপীয়া শাৰী পিন্ধি মন্দিৰত উপস্থিত হৈছিল। ছবিবোৰত আপুনি তেওঁক আঁঠু কাঢ়ি চাকি জ্বলাই থকা দেখিবলৈ পাব। কংগনা ৰাণাৱটৰ এই ছবিবোৰত নিমিষতে বহুতো লাইক আৰু কমেণ্টৰে ভৰি পৰিছে। লগতে অনুৰাগীসকলে তেওঁক এটা সুন্দৰ বছৰৰ শুভেচ্ছা জনাইছে।

উল্লেখ কৰিব লাগিব যে ২০২১ বৰ্ষটো কংগনা ৰাণাৱটৰ বাবে বিতৰ্কেৰে ভৰি আছিল। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বিতৰ্কিত মন্তব্য আৰু প্ৰতি-আক্ৰমণৰ বাবে সংবাদ শিৰোনাম দখল কৰিছিল। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছিল, যাৰ ফলত তেওঁলোকে আদালত-কাৰ্যালয় আৰু আৰক্ষী থানা পৰিদৰ্শন কৰিবলৈ বাধ্য হৈছিল।