প্রধানমন্ত্রী মোদীক জন্মদিনৰ শুভেচ্ছা জনাই ভিডিঅ’ পোষ্ট কৰিলে কংগনাই, চাওক

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ ৭০-বছৰত ভৰি দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদী। প্রধানমন্ত্রীৰ জন্মদিনত তেওঁক শুভেচ্ছা জনালে বলীউডৰ অভিনেত্রী কংগনা ৰানাউতে। নিজৰ টুইটাৰ একাউণ্টত এটি নতুন ভিডিঅ’ চেয়াৰ কৰি প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনালে অভিনেত্ৰী কংগনাই।

কংগনাই চেয়াৰ ভিডিঅ’টোত কৈছে, প্রধানমন্ত্রী মোদীৰ সৈতে কেতিয়াও তেওঁৰ ভালদৰে কথা পতাৰ সুযোগ হোৱা নাই। প্রধানমন্ত্রী মোদীক সমাজৰ বিভিন্ন স্তৰৰ মানুহে ভালপায়, শ্রদ্ধা কৰে। সেই ভালপোৱা পূৰ্বে কোনোএগৰাকী প্ৰধানমন্ত্ৰীয়েওপোৱা নাই বুলি মন্তব্য কৰে কংগনাই।

চাওক ভিডিঅ’