International Women’s Day ত দ্বিতীয় সন্তানৰ ছবি প্ৰকাশ কৰিলে Kareena ই

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Women’s Day)। নাৰী দিৱসৰ এই বিশেষ দিনটোতেই সদ্যজাতৰ ছবি শ্বেয়াৰ কৰিলে কৰিনা কাপুৰ খানে। নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ মাধ্যমেৰে দ্বিতীয় সন্তানৰ ছবি প্রকাশলৈ আনিলে কৰিনাই। বলিউডৰ আগশাৰীৰ অভিনেত্ৰীগৰাকীয়ে পৰিয়ালটোৰ নতুন সদস্যৰ এখন ছবি প্ৰকাশ কৰি বিশ্ব মহিলা দিৱসৰ শুভেচ্ছা জনাইছিল।

‘এনে কোনো কাম নাই যি ছোৱালীয়ে কৰিব নোৱাৰে।’– এনে এটা শক্তিশালী কেপশ্বন যোগ কৰি অভিনেত্ৰীগৰাকীয়ে আন্তৰ্জাতিক মহিলা দিৱসত নৱজাতকৰ এখন ছবি ভাগ বতৰা কৰিছিল।