নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ তদন্ত কৰি থকা নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’ (এনচিবি)এ শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ৰিয়া আৰু অন্য বন্ধুৰ সৈতে বিভিন্ন পার্টী উদ্যাপনৰ সময়ত ব্যৱহাৰ কৰা ফার্ম হাউছ এটাত তালাচী চলাই উদ্ধাৰ কৰিছে বিভিন্ন ধৰণৰ দৰব, ধঁপাত তথা ড্রাগছ সেৱন কৰা হুকাহ, এছট্রে আৰু অন্যান্য সামগ্রী৷
ইফালে, আজি এন চি বিয়ে সৌৱিক চক্রৱর্তীৰ স্কুলীয়া দিনৰ বন্ধু সূর্যদীপ মালহোত্রাক জেৰাৰ বাবে আটক কৰিছে৷ লক্ষণীয়ভাৱে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰটোৰ তদন্ত কৰি থকা এন চি বিয়ে এতিয়ালৈকে ড্রাগছৰ সম্পর্ক থকা ৰিয়া আৰু সৌৱিকৰ উপৰি ৭গৰাকী লোকক গ্রেপ্তাৰ কৰিছে৷ এই ৭গৰাকী লোকক আদালতে ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে৷ ইয়াৰে চাৰিগৰাকীক ১৬ ছেপ্ঢেম্বৰলৈ আৰু তিনিগৰাকীক ২৩ ছেপ্ঢেম্বৰলৈ ন্যায়িক জিম্মাত ৰখাৰ নির্দেশ দিছে আদালতে৷
লক্ষণীয়ভাৱে এন চি বিয়ে ড্রাগছ সৰবৰাহকাৰীৰ সৈতে ৰিয়াৰ যোগাযোগ মাতৃৰ ফোনেৰে হোৱা বুলিও উল্লেখ কৰিছে৷