‘Maserati Ghibli’ৰ  বিলাসী গাড়ী চলাই কি ক’লে ছানীয়ে…

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ   বিলাসী গাড়ী ভাল পাই মোহময়ী অভিনেত্ৰী ছানী লিয়নীয়ে। শেহতীয়াকৈ ছানীয়ে ইটালিত নিৰ্মিত Maseratiৰ Ghibli গাড়ী ক্ৰয় কৰিছে। ছানীয়ে Maserati বেণ্ডৰ গাড়ী খুবেই ভাল পায়। সেই কথা ছানীয়ে বিভিন্ন মাধ্যমত কেইবাৰো প্ৰকাশ কৰিছে।

ছানীয়ে শেহতীয়াকৈ নিজৰ ইনষ্ট্ৰাগামত গাড়ীৰ সৈতে ফটো শ্বেয়াৰ কৰিছে য’ত লিখিছে এইখন গাড়ী চলাই মোৰ বহুত ভাল লাগে। সেয়ে মই এইখন গাড়ী কিনিছো। উল্লেখ্য যে ছানীৰ এইখন ফটো ধুমুহাৰ গতিত ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। বহু লাইকৰ উপৰিও বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰিছে ছানীৰ প্ৰশংসকে।

উল্লেখ্য যে Maserati Ghibliৰ গাড়ী দাম ১ কোটি ৩১ লাখৰ পৰা আৰম্ভ হৈছে।