স্বামী ৰাজৰ পর্ন ছবিৰ কথা জনা নাছিল শিল্পাই

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ ৰাজ কুন্দ্রাৰ পর্ন ছবি নির্মাণ আৰু বিভিন্ন এপযোগে সেইবোৰ বিয়পাই দিয়া গোচৰত পত্নী তথা অভিনেত্রী শিল্পা ছেট্টীক এগৰাকী সাক্ষী হিচাপে তালিকাভুক্ত কৰিছে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই৷ গোচৰটোত ৰাজ কুন্দ্রাৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ১,৪০০ পৃষ্ঠাত চার্জশ্বীট দাখিল কৰিছে৷ ইয়াত শিল্পা ছেট্টীৰ আংশিক বক্তব্যহে সন্নিৱিষ্ট কৰিছে আৰক্ষীয়ে৷ চার্জশ্বীটত দাবী কৰা অনুসৰি ৰাজ কুন্দ্রাৰ হটছটছ আৰু বলিফেম এপ সন্দর্ভত কোনো তথ্য জনা নাছিল শিল্পা ছেট্টীয়ে৷ উল্লেখনীয় যে এই দুটা এপৰ জৰিয়তে ৰাজে পর্ন ছবি বিয়পাই দিছিল৷ শিল্পাই উল্লেখ কৰা অনুসৰি কামৰ ব্যস্ততাৰ বাবে স্বামী ৰাজে কি কৰিছে সেই খবৰ তেওঁ জনা নাছিল৷