১৫ কেজি ওজন কমাই পুনৰ বলিউড অনুৰাগীৰ হৃদয় জিনিবলৈ আহি আছে মোহময়ী তনুশ্ৰী

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ  এসময়ৰ বলিউদৰ আৱেদনময়ী অভিনেত্ৰী। কেইবাখনো চিনেমাৰে দৰ্শকৰ মনত এক বিশেষ স্থান পূৰণ কৰিছিল তনুশ্ৰী দত্তই। কিন্তু ২০১৮ চনত অভিনেতা নান পাটেকাৰে তেওঁৰ সৈতে চিনেমা ছেটত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ দাখিল কৰি বলিউডত মি টু আন্দোলন আৰম্ভ কৰিছিল। তনুশ্ৰীক যৌন শোষণৰ অভিযোগ তুলিছিল প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ ওপৰত। তাৰ পিছৰ পৰাই বলিউদৰ পৰা আতৰি আছিল তনুশ্ৰী।

অৱশ্য়ে সেই গৰাকী তনুশ্ৰীয়ে পুনৰ বলিউদৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে পুনৰ পূৰ্বৰ আবেদনময়ী আকাৰ পাবলৈ আৰু বলীউডৰ কেৰিয়াৰ পুনৰ আৰম্ভ কৰিবলৈ ১৫ কেজি ওজন হ্ৰাস কৰিছে।