ক’ৰোনা সংকটত ১০ হাজাৰ প্ৰৱাসী শ্ৰমিকক খাদ্য যোগান ধৰিব মোহময়ী ছানী লিয়নীয়ে

নিয়মীয়া বাৰ্তা ৭ মেঃ সমগ্ৰ দেশেই ক’ৰোনা মহামাৰীৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজ দি আছে। বলীউডৰ বহুতো চেলিব্ৰেটিয়ে এই মহামাৰীত জনসাধাৰণক সহায় কৰিবলৈ আগবাঢ়ি অহা দেখা গৈছে।

ছনু সুদৰ পাছত এইবাৰ বলীউডৰ মোহময়ী অভিনেত্ৰী ছানী লিয়নী আগবাঢ়ি আহিছে প্ৰৱাসী শ্ৰমিকসকলক সহায়ৰ বাবে। বলীউডৰ অভিনেত্ৰীগৰাকীয়ে প্ৰৱাসী শ্ৰমিকসকলৰ বাবে এক উল্লেখনীয় দায়িত্ব পালন কৰিছে।

বলীউডৰ অভিনেত্ৰীগৰাকীয়ে ক’ৰোনা সংকটত প্ৰৱাসী শ্ৰমিকসকলক সহায় কৰিবলৈ ‘পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ’ (পেটা)ৰ সৈতে হাত মিলাইছে। বলীউডৰ অভিনেত্ৰীগৰাকীয়ে পেটাৰ সৈতে লগ হৈ ১০,০০০ প্ৰব্ৰজনকাৰী শ্ৰমিকক খাদ্য যোগান ধৰিব। পেটাৰ অফিচিয়েল ইনষ্টাগ্ৰাম পৃষ্ঠাই ছানীক তেওঁৰ এনে এক সুন্দৰ চিন্তাৰ বাবে ধন্যবাদ জনাইছে। অভিযানটোৰ এক অংশ হিচাপে, অভিনেত্ৰীগৰাকীয়ে প্ৰ’টিন-ভৰ্তি নিৰামিষ খাদ্য প্ৰদান কৰিব।