১২–১৩ ছেপ্টেম্বৰত বিটিচি নির্বাচনৰ সম্ভাৱনাঃ নৱ শৰণীয়া

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ ৰাজ্যিক নির্বাচন আয়োগে এতিয়াও বিটিচি নির্বাচনৰ দিন–তাৰিখ ঘোষণা কৰা নাই যদিও নির্বাচনত অৱতীর্ণ হোৱা প্রতিটো দল আৰু প্রার্থীয়ে ইতিমধ্যে অঞ্চলটোত প্রচাৰ অভিযান জোৰদাৰ কৰি তুলিছে৷ ইয়াৰ সমান্তৰালভাৱে অঞ্চলটোৰ বিভিন্ন স্থানত প্রায় নিয়মিত ৰূপত সংঘটিত হৈ আহিছে ৰাজনৈতিক হিংসা৷ মূলতঃ বি পি এফ–ইউ পি পি এল, ইউ পি পি এল–গণ সুৰক্ষা পার্টী ( জি এছ পি)ৰ মাজতে সংঘটিত হৈছে আক্রমণ–প্রত্যাক্রণ ঘটনা৷

ইয়াৰ মাজতে গণ সুৰক্ষা পার্টীৰ সভাপতি তথা কোকৰাঝাৰৰ নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াই আজি ছ’চিয়েল মিডিয়াত দলীয় নেতা–কর্মীক উদ্দেশ্যি এক ভিডি’ত বিটিচি নির্বাচন অহা ছেপ্ঢেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনীয়তাৰ বিষয়ে ব্যক্ত কৰে৷ ভিডি’টোত শৰণীয়াই কয় যে বিশ্বকর্মা পূজাৰ আগে আগে অহা ১২–১৩ ছেপ্টেম্বৰত বিটিচিৰ নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ সেয়ে তেওঁ দলীয় নেতা–কর্মীসকলক য’ত য’ত বুথ কমিটী এতিয়াও গঠন কৰা হোৱা নাই, অতি সোনকালে বুথ কমিটী গঠনৰ লগতে নতুন সদস্যভর্তি অভিযান আৰম্ভ কৰাৰ নির্দেশ দিয়ে৷

তদুপৰি দলৰ প্রার্থী আৰু কর্মীসকলক প্রতিগৰাকী ভোটাৰৰ ঘৰে ঘৰে গৈ প্রচাৰ অভিযান চলোৱাৰ আহ্বান জনায়৷ লোকসভা নির্বাচনতকৈ এই বিটিচি নির্বাচন সম্পূর্ণ পৃথক দৃষ্টিভংগীৰে লোৱাৰ আহ্বান জনাই তেওঁ কয় যে নহ’লে নির্বাচনী ফলাফলত ঋণাত্মক ফল ভুগিব লাগিব৷ নির্বাচনী প্রার্থীসকলক কাৰো ওপৰত ভেজা দি নির্বাচন পাৰ হোৱাৰ চিন্তা নকৰিবলৈ সকীয়াই দি কয় যে বিৰোধীয়ে ইতিমধ্যে বিভিন্ন প্রলোভন দিয়া আৰম্ভ কৰিছে৷ ৰাইজৰ মাজত বিভ্রান্তিৰ সৃষ্টি কৰি আছে৷ সেয়ে আটায়ে নিষ্ঠাসহকাৰে দায়িত্ব পালন কৰিলে এইবাৰ বিটিচি দখল কৰিব পৰা যাব বুলি তেওঁ আশা ব্যক্ত কৰে৷

Featured