আইপিএল–পিএছএলৰ প্রত্যক্ষ সংঘাতঃ একে সময়তে চলিব দুই দেশৰ লীগ

বিশেষ বাৰ্তা, ১৮ আগষ্টঃ একে সময়তে অনুষ্ঠিত হ’ব পাৰে ইণ্ডিয়ান প্রিমিয়াৰ লীগ আৰু পাকিস্তান ছুপাৰ লীগ৷ জানিব পৰা মতে ২০২৫ চনত পাকিস্তান ছুপাৰ লীগ অনুষ্ঠিত হ’ব মার্চৰ পৰা মে’ মাহৰ ভিতৰত৷ সেই সময়ত ভাৰতত অনুষ্ঠিত হয় আই পি এল৷ পাকিস্তান ক্রিকেট ব’র্ডে জনোৱা মতে, ব্যস্ত ক্রিকেট সূচীৰ বাবেই একে সময়তে ঘৰুৱা প্রতিযোগিতা দুখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ২০২৫ চনৰ ফেব্রুৱাৰীত পাকিস্তানত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্রফী৷ দীর্ঘদিনৰ পিছত দেশখনত কোনো আই চি চিৰ প্রতিযোগিতা আয়োজন কৰা হৈছে৷ চেম্পিয়নছ ট্রফীৰ পিছতে দেশখনত আয়োজন কৰা হ’ব পি এছ এল৷ সাধাৰণতে জানুৱাৰীৰ পৰা ফেব্রুৱাৰী মাহৰ ভিতৰত পি এছ এল অনুষ্ঠিত হয়৷ কিন্তু এইবাৰ চেম্পিয়নছ লীগ থকাৰ বাবে প্রতিযোগিতাখন পিছুৱাই দিয়া হৈছে৷ উল্লেখ্য যে ২০২৩ৰ পৰা ২০২৭ চনৰ ভিতৰত পাকিস্তানে ২৭খন টেষ্ট, ৪৭খন এদিনীয়া মেচ আৰু ৫৬খন টি–২০ মেচ খেলিব৷ এনে ব্যস্ত সূচীৰ বাবে বাধ্য হৈ পি এছ এলৰ সময়ত সলনি কৰা হৈছে বুলি পাকিস্তান ক্রিকেট ব’র্ডে জনাইছে৷