আজি বান পৰিস্থিতিৰ বুজ ল’বলৈ শিলচৰলৈ মুখ্যমন্ত্রী

নিয়মীয়া বার্তা, ২৬ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দেওবাৰে শিলচৰত উপস্থিত হৈ কাছাৰৰ বান পৰিস্থিতিৰ বুজ ল’ব৷ কাছাৰৰ বর্তমানৰ বান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি দেওবাৰে পুৱা পুনৰ শিলচৰলৈ যাব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ শিলচৰত উপস্থিত হৈ তেওঁ বানপীড়িত অঞ্চলসমূহ পৰিদর্শন কৰিব আৰু শিলচৰত জিলা উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত এখন পর্যালোচনা সভাত জিলাখনৰ বিভিন্ন বিভাগ আৰু বিষয়াসকলক প্রয়োজনীয় নির্দেশনা প্রদান কৰিব৷