খবৰ দিয়ক আৰু ৫ লাখ টকাৰ পুৰস্কাৰ লওক!

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ বিশেষ ঘোষণা। আজি টুইটযোগে সঞ্চালক প্ৰধানগৰাকীয়ে ঘোষণা কৰে যে গঁড়ৰ খৰ্গ উদ্ধাৰ হ’ব পৰাকৈ কোনো লোকে তথ্য অসম আৰক্ষীক প্ৰদান কৰিলে নগদ ৫ লাখ টকাৰ পুৰস্কাৰ লাভ কৰিব।

উল্লেখ্য যে বিগত বৰ্ষৰ বিশ্ব গড় দিৱসত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বোকাখাত ষ্টেডিয়াম গ্ৰাউণ্ডত দাহন কৰিছিল ২,৪৭৯ টা গড়ৰ খৰ্গ।

মন কৰিবলগীয়া যে চোৰাং চিকাৰী হ্ৰাস কৰা আৰু বিশেষ অভিযান চলোৱাৰ বাবে ২৬ জানুৱাৰীত অসম আৰক্ষীয়ে কাজিৰঙাত ২০ জন কমাণ্ডো নিয়োজিত কৰিছিল।

ASSAM POLICEFeatured