জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ৰাকেশ পালঃ ১৮ আগষ্টৰ পূর্বে কেছ ডায়েৰী দাখিলৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ দুর্নীতি–নিয়মেৰে অসম লোকসেৱা আয়োগ (এ পি এছ চি)ক কলংকিত কৰা ৰাকেশ পালে জামিন বিচাৰি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ ভঙাগড় আৰক্ষী থানাত এ ডি অ’ নিযুক্তিৰ অনিয়ম সন্দর্ভত ৰুজু হোৱা গোচৰত পালে জামিন আবেদন দাখিল কৰিছে৷   এই আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে তদন্তকাৰী আৰক্ষীক কেছ ডায়েৰী দাখিল কৰিবলৈ নির্দেশ দিছে৷ অহা ১৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া পৰৱর্তী শুনানিৰ পূর্বে আৰক্ষীয়ে উচ্চ ন্যায়ালয়ত কেছ ডায়েৰী দাখিল কৰিব লাগিব৷

উল্লেখ্য যে বক্রপথেৰে যোগ্যজনক বঞ্চিত কৰি একাংশ অযোগ্য প্রার্থীক এ পি এছ চিৰ পৰীক্ষাত উত্তীর্ণ কৰোৱাই ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদবীত নিযুক্তিৰ পথ মোকলাই দিছিল ৰাকেশ পালে৷ আয়োগৰ কেলেংকাৰি সন্দর্ভত ডিব্রুগড় আৰক্ষী থানাত ৰুজু হোৱা গোচৰত ৰাকেশ পালসহ অর্ধশতাধিক ৰাজপত্রিত বিষয়াক গ্রেপ্তাৰ কৰা হৈছিল৷ ডিব্রুগড় আৰক্ষী থানাৰ উপৰি আয়োগৰ কেলেংকাৰি সন্দর্ভত ভঙাগড় আৰক্ষী থানা, চি আই ডিত গোচৰ ৰুজু কৰা হৈছে৷