ঢকুৱাখনাত পুনৰ আতংকঃ আদালতত হাজিৰ কৰিবলৈ অনা গেৰেজাই বৰুৱা পলাল দুজনক লৈ

নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ চুৰি ডকাইতি হত্যা আৰু নাৰীজানিত অপৰাধৰ ঘটনাৰে বিগত ১০ বছৰো অধিক কাল ঢকুৱাখনা অঞ্চলত এক প্ৰকাৰে সন্ত্ৰাস চলাই অহা গেৰেজাই বৰুৱা ওৰফে ৰাজু বৰুৱাক ২৪ ছেপ্তেম্বৰত এনকাউণ্টাৰ কৰি গেপ্তাৰ কৰিছিল ঢকুৱাখনা আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত ক’ভিড ৰোগত আক্ৰান্ত হোৱা গেৰেজাই বৰুৱাই ২২ জানুৱাৰীত লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ ক’ভিড কক্ষৰ পৰা পলায়ন কৰিছিল যদিও ২৪ জানুৱাৰীত পুণৰ গেপ্তাৰ হৈছিল দুৰ্ধৰ্ষ অপৰাধী গেৰেজাই বৰুৱা ৷ কিন্তু এইজন গেৰেজাই বৰুৱাক আজি ঢকুৱাখনাৰ আদালতত হাজিৰ কৰিবলৈ অনাত দুজন সহযোগীক লৈ পুণৰ পলাবলৈ সক্ষম হোৱা ঘটনাই ঢকুৱাখনা, পশ্চিম ঢকুৱাখনা আৰু সোণাৰি চাপৰি অঞ্চলত আতংকৰ স্‌ষ্টি কৰাৰ লগতে নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীকো কটু সমালোচনা কৰিছে ৷

প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

Featured