তিনি কিশোৰীক আবদ্ধ কৰি ধর্ষণ কৰা তিনিটা নৰাধমক গ্রেপ্তাৰ

দলবদ্ধ ধর্ষণ কাণ্ডই কঁপাইছে গোৱালপাৰা

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ  এক দলবদ্ধ ধর্ষণ কাণ্ডই ৰংজুলি অঞ্চলৰ লগতে সমগ্র গোৱালপাৰা জিলাখনতে তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ ৰংজুলি অঞ্চলত কোনোকালে নঘটা ঘৃণনীয় কাণ্ডত লজ্জানত হৈ পৰিছে ৰংজুলিবাসী৷ তিনিজন পাষণ্ড যুৱকে পূজা চাবলৈ অহা তিনি কিশোৰীক আবদ্ধ কৰি দলবদ্ধভাৱে ধর্ষণ কৰা কার্যই কঁপাই গৈছে ৰংজুলি অঞ্চল৷ যোৱা ২২ অক্টোবৰৰ সন্ধিয়া সংঘটিত জঘন্য কাণ্ড পোহৰলৈ আনে এগৰাকী ভুক্তভোগী কিশোৰীয়ে৷ ঘটনা পোহৰলৈ অহাৰ পিছতে কালি ৰংজুলি আঞ্চলিক ৰাভা ছাত্র সন্থা, ৰংজুলি আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থা আৰু ৰংজুলি আঞ্চলিক বডো ছাত্র সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এখন যৌথ সভা৷ সভাত ৰাইজৰ সন্মুখত তিনি নৰপিশাচৰ বর্বৰতা বর্ণনা কৰে ভুক্তভোগী তিনি কিশোৰীয়ে৷ দুর্গা পূজাৰ আনন্দৰ মাজতে ষষ্ঠীৰ নিশা পূজা দেখুৱাবলৈ লৈ আহি তিনি পাষণ্ডই ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অষ্টম আৰু নৱম শ্রেণীত পঢ়ি থকা কিশোৰীকেইগৰাকীক ধর্ষণ কৰিছিল৷ ভুক্তভোগী এগৰাকীয়ে ফেচবুকৰ জৰিয়তে ঘটনা ৰাজহুৱা কৰাত ঘটনাটো পোহৰলৈ আহে৷ ছোৱালীগৰাকীৰ এটা ফেচবুক পোষ্টৰ আলম লৈ তিনিওটা ছাত্র সংগঠনে অতি তৎপৰতাৰে যৌথ সভা আয়োজন কৰি ঘৃণনীয় কাণ্ডৰ অভিযুক্তসকলক চিনাক্ত কৰাৰ ব্যৱস্থা গ্রহণ কৰে৷ভুক্তভোগী ছোৱালী তিনিগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত পাষণ্ড তিনিটাক চিনাক্ত কৰি সোধা–পোছাৰ বাবে ছাত্র সংগঠনে মাতি অনাত দুগৰাকী অভিযুক্ত বাপুকণ দাস আৰু হিৰণ সূত্রধৰে সকলো কথাৰ সত্যতা স্বীকাৰ কৰে ৷ পাষণ্ড তিনিটাৰ মূল অভিযুক্ত ৰংজুলিৰ সৌৰভ দাস নামৰ যুৱকজন কালি পলাতক হৈ আছিল৷ পিছত বাপুকণ দাস আৰু হিৰণ সূত্রধৰক ৰংজুলি থানাত গতাই দিয়ে আৰু দোষীকেইটাক দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে দাবী জনাই পলাতক সৌৰভ দাসকো শীঘ্রে গ্রেপ্তাৰ কৰিবলৈ ছাত্র সংগঠনসমূহে আৰক্ষীক দাবী জনায়৷ ছাত্র সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত ভুক্তভোগী ছোৱালীকেইগৰাকীৰ অভিভাৱকে ৰংজুলি থানাত এজাহাৰ দাখিল কৰে৷

অৱশ্যে জঘন্য ধর্ষণ কাণ্ডৰ মূল অভিযুক্ত পলাতক সৌৰভ দাস বুধবাৰে আৰক্ষীৰ জালত পৰে৷ ৰংজুলি থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ভবেন দাসৰ তীব্র অভিযানত গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযুক্ত সৌৰভ দাসক৷ ইপিনে অধিক ক্ষিপ্রতাৰে তদন্ত সম্পন্ন কৰাৰ বাবে ৰংজুলিত উপস্থিত হৈ তদন্ত প্রক্রিয়া আৰম্ভ কৰিছে গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীয়ে৷ ইতিমধ্যে ধর্ষণ কাণ্ডত ব্যৱহাৰ হোৱা এ এছ–০১ ই ই–৯১২৭ নম্বৰৰ বেলেন’ বাহন এখন আৰু এ এছ–ই ডি–২৮২৯ নম্বৰৰ কেটিএম বাইক এখন জব্দ কৰিছে আৰক্ষীয়ে৷ আনহাতে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে অভিযুক্ত যুৱককেইজনক লগত লৈ ঘটনাস্থলী পৰিদর্শন কৰে আৰু তাৰ পৰা কেইবাটাও মদৰ বটল উদ্ধাৰ কৰে৷ ইতিমধ্যে অভিযুক্ত যুৱককেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ61/20/US 376 (2), (G)/506 R/w Sec.4 of POCSO Actত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, ঘটনাটোৰ তদন্ত ক্ষিপ্রগতিত চলিছে আৰু সোনকালেই তদন্ত সমাপ্ত কৰিব পাৰিব আৰক্ষীয়ে৷ ইফালে, আৰছু, আক্রাছু আৰু এবছুৰ ৰংজুলি আঞ্চলিক সমিতিয়ে দোষীক কঠোৰতম শাস্তি বিহিবলৈ প্রশাসনক দাবী উত্থাপন কৰাৰ সমান্তৰালভাৱে গোৱালপাৰা জিলা সূত্রধৰ সন্মিলনীৰ সভাপতিয়েও দোষীক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আহ্বান জনাইছে৷

Featured