পিছুওৱা হ’ল অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ শাৰীৰিক পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১৯জুনঃ ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হ’ল অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ শাৰীৰিক পৰীক্ষা৷ ২০ জুনৰ পৰা হ’ব লগা পি এছ টি আৰু পি ই টি পৰীক্ষাসমূহ ২৭ জুনৰ পৰা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ এই পদৰ বাবে কাট অফ মার্কৰ তালিকা সোনকাৰে প্রকাশ কৰিব অসম আৰক্ষীয়ে৷ অসম আৰক্ষীৰ ৰাজ্যিক পর্যায়ৰ নিযুক্তি ব’র্ডে প্রকাশ কৰা অনুসৰি পৰীক্ষাৰ পূর্বৰ নির্ধাৰিত দিন সলনি কৰি নতুন সময়সূচী স্থিৰ কৰা হৈছে৷ সেই অনুসৰি ২০ জুনত হ’ব লগা পি ই টি ২৭ জুনত অনুষ্ঠিত হ’ব৷ ২১ জুনৰ পৰীক্ষাসূচী ২৮ জুনত, ২২ জুনৰ পৰীক্ষাসূচী ২৯ জুনত, ২৩ জুনৰ পৰীক্ষাসূচী ৩০ জুনত, ২৪ জুনৰ পৰীক্ষাসূচী ১ জুলাইত আৰু ২৫ জুনৰ পৰীক্ষাৰ সূচী ২ জুলাইলৈ পিছুৱাই দিয়া হৈছে৷

উল্লেখ্য যে উপ–পৰিদর্শকৰ (ইউ বি) ৩০৬টা পদৰ আৰু এ বি ২০টা পদৰ বাবে যোৱা ২৪ এপ্রিলত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল৷

Featured