প্রকাশন পৰিষদ সাহিত্য বঁটাঃ ঔপন্যাসিক নন্দিতা দেৱী–প্রকাশক নগেন শর্মালৈ সন্মান

নিয়মীয়া বার্তা, ২৮ ডিচেম্বৰ: অসম প্রকাশন পৰিষদৰ চলিত বর্ষৰ সাহিত্য বঁটা বিশিষ্ট সাহিত্যিক নন্দিতা দেৱী আৰু প্রকাশক নগেন শর্মালৈ আগবঢ়োৱা হৈছে৷ তেওঁৰ ‘বঙল বহুদূৰ’ শীর্ষক উপন্যাসৰ বাবে এই সন্মান প্রদান কৰা হৈছে৷ এই কথা সদৰী কৰিছে অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই৷ গুৱাহাটীৰ বামুণীমৈদামস্থিত পৰিষদৰ কার্যালয়ৰ সভাকক্ষত বঁটা প্রদান সন্দর্ভত সংবাদ মেল সম্বোধন কৰি কলিতাই কয় যে ঔপন্যাসিকগৰাকীৰ লগতে এই গ্রন্থখনৰ প্রকাশক নগেন শর্মাকো সাহিত্য বঁটা প্রদান কৰা হ’ব৷ পূর্বে পৰিষদে ঘোষণা কৰা অনুসৰিয়েই এইবাৰ গ্রন্থাকাৰৰ লগতে প্রকাশকক এই বঁটা প্রদান কৰা হ’ব৷ সংবাদ মেলত তেওঁ প্রকাশ কৰা অনুসৰি অহা ২৯ ডিচেম্বৰত গ্রন্থমেলা বাকৰিত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত ঔপন্যাসিকগৰাকীৰ লগতে গ্রন্থখন প্রকাশ কৰা জ্যোতি প্রকাশনৰ স্বত্বাধিকাৰী তথা প্রকাশক নগেন শর্মাক এই সন্মান প্রদান কৰা হ’ব৷

এই বঁটাত আছে দুই লাখ টকা, এখন মানপত্র আৰু গ্রন্থৰ টোপোলা৷ পূর্বে অসম প্রকাশন পৰিষদে জীৱনজোৰা সাধনা বঁটা প্রদান কৰি আহিছিল৷ কিন্তু এইবেলি তেওঁলোকে সাহিত্য বঁটা প্রদান কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছিল৷ উল্লেখ্য যে ২০১৮ চনৰ পৰা ২০২০ চনৰ ভিতৰত প্রকাশিত উপন্যাস, গল্প আৰু কাব্য সংকলন এই বঁটাৰ বাবে যোগ্য হিচাপে বিবেচিত কৰা হৈছিল৷ এই বঁটাৰ বাবে লেখক আৰু প্রকাশকসকলৰ ফালৰ পৰা মুঠ ৪০০খন গ্রন্থ পৰিষদৰ কার্যালয়ত জমা দিয়া হৈছিল৷ এই গ্রন্থসমূহৰ মাজৰ পৰাই বাছনি কমিটীৰ চূড়ান্ত সিদ্ধান্তমর্মে ‘বঙল বহুদূৰ’ শীর্ষক উপন্যাস পুৰস্কাৰৰ বাবে নির্বাচিত কৰা হৈছে বুলিও কলিতাই প্রকাশ কৰে৷ উল্লেখ্য যে অভিধান প্রণেতা সুমন্ত চলিহাক অধ্যক্ষ হিচাপে লৈ গঠন কৰা জুৰী ব’ডত সদস্য হিচাপে আছিল ড০ কৰবী ডেকা হাজৰিকা, ড০ দীপ্তি ফুকন পাটগিৰি, ড০ লীনা শর্মা আৰু উৎপল দত্ত৷ জুৰী ব’ডৰ সদস্যসকলৰ পৰা এই বঁটাৰ বাবে মনোনীত পাঁচখন গ্রন্থ আছিল– ড০ দীপ কুমাৰ বৰকাকতিৰ হূদয়ালয়, তপন দত্তৰ নিঃশব্দৰ বার্তালাপ, ডাঃ অপূর্ব কুমাৰ শইকীয়াৰ চ’তৰ উৰহী, জয়ন্ত মাধৱ বৰাৰ দেউল আৰু ড০ ৰবীন শর্মাৰ ফুলমতি এগাল জোনাক৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অহা ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা৷

পূর্বে অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থা তথা অসম প্রকাশন পৰিষদে সুকীয়া সুকীয়াকৈ প্রতিবছৰে অনুষ্ঠিত কৰি আহিছিল গ্রন্থমেলা৷ কিন্তু এইবাৰ এই দুয়োটা সংস্থাই যুটীয়াভাৱে আয়োজন কৰিছে গ্রন্থমেলা৷ ২৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এইবাৰৰ গ্রন্থমেলাত মুঠ ১১৫টা প্রতিষ্ঠানে যোগদান কৰিব বুলি সদৰী কৰিছে প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই৷ সংবাদ মেলত তেওঁ সদৰী কৰা অনুসৰি দিল্লীৰ ১০টা, কলকাতাৰ ৫টা আৰু ঢ়াকাৰ ১০টা প্রতিষ্ঠানে অংশ ল’ব গ্রন্থমেলাত৷ তদুপৰি প্রকাশন পৰিষদে ২৪খন গ্রন্থ পুনৰ মুদ্রণ কৰাৰ লগতে ১৬খন গ্রন্থ নতুনকৈ ছপা কৰিছে বুলিও তেওঁ সদৰী কৰিছে৷

Featured