২০ হাজাৰ ঘোচ লৈ গ্রেপ্তাৰ পশুপালনৰ অতিৰিক্ত সঞ্চালক

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ গৰুৰ চোৰাং সৰবৰাহ ৰোধ কৰিবলৈ চৰকাৰে যৎপৰোনাস্তি প্রচেষ্টা অব্যাহত ৰখাৰ সময়তে চৰকাৰৰ একাংশ বিষয়াই ধনৰ বিনিময়ত বহিঃৰাজ্যৰ পৰা গৰু আনিবলৈ পার্মিট প্রদান কৰা এক ঘটনা শেহতীয়াভাৱে পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ধনৰ বিনিময়ত বহিঃৰাজ্যৰ পৰা গৰু আনিবলৈ পার্মিট প্রদান কৰি আৰু পিছতো পুনৰ উৎকোচ বিচৰাৰ পৰিণতিতে মঙলবাৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক ড০ অৰূপজ্যোতি ভূঞাক আৰক্ষী আৰু দুর্নীতি নিবাৰক শাখাই গ্রেপ্তাৰ কৰিছে৷

আৰক্ষীয়ে ইতিমধ্যে গোচৰ নং ৮১৭/২০২১মর্মে ভাৰতীয় দণ্ডবিধিৰ ৭(এ)ৰ অধীনত গোচৰ ৰুজু কৰিছে৷ কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সদৰী কৰা মতে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক অৰূপজ্যোতি ভূঞাই ধনৰ বিনিময়ত জধেমধে বহিঃৰাজ্যৰ পৰা গৰু আনিবলৈ পার্মিট দিছিল৷ যিহেতু বহিঃৰাজ্যৰ পৰা গৰু আনিবলৈ হ’লে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পার্মিটৰ প্রয়োজন, সেয়েহে ধনৰ বিনিময়ত বিষয়াগৰাকীয়ে জধেমধে পার্মিট প্রদান কৰি আহিছিল৷ ইয়াৰ উপৰি ধনৰ বিনিময়ত পার্মিট প্রদান কৰাৰ বাবে বিষয়াগৰাকীয়ে ‘পার্টী’ৰ পৰা বুজন পৰিমাণৰ উৎকোচ বিচাৰিছিল৷ তেনে এক অভিযোগ কোকৰাঝাৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতে তদন্ত আৰম্ভ কৰে আৰু আজি গুৱাহাটীৰ পৰা দুর্নীতি নিবাৰক শাখাৰ সহযোগত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক অৰূপজ্যোতি ভূঞাক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে কাইলৈ অৰূপজ্যোতি ভূঞাক বিশেষ আদালতত হাজিৰ কৰাব বুলি সদৰী কৰিছে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে৷