নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ দেশৰ বিভিন্ন ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণক লৈ উদ্বিগ্নতা বৃদ্ধি পোৱাৰ সময়তে অসমতো ক্রমাৎ জটিল হ’বলৈ লৈছে পৰিৱেশ৷ এপ্রিল মাহৰ আৰম্ভণিৰ পৰাই জটিল হোৱা এই ক’ৰোনা পৰিৱেশ চম্ভালিবলৈ ইতিমধ্যে সাজু হৈ আছে স্বাস্থ্য বিভাগ৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে এখন সংবাদ মেলযোগে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে বিস্তৃতভাৱে সদৰী কৰি কয় যে যোৱা ২০ মার্চৰ পৰাই ক’ভিডৰ পৰিৱেশ কিছু সলনি হৈছে ৰাজ্যত৷
২০ মার্চৰ পৰা ২৬ মার্চলৈ ১৩ হাজাৰ লোকক ক’ভিড পৰীক্ষা কৰাৰ অন্তত পজিটিভ চিনাক্ত হৈছিল ৩৬গৰাকী লোক৷ আনহাতে, ২৭ মার্চৰ পৰা ২ এপ্রিললৈকে ১০ হাজাৰ লোকৰ ক’ভিড পৰীক্ষাৰ বিপৰীতে আক্রান্ত হোৱা লোকৰ সংখ্যা আছিল ৫১গৰাকী৷ একেদৰে ৩ এপ্রিলৰ পৰা ৯ এপ্রিললৈকে ১৭ হাজাৰ লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন হোৱাৰ পাছত আক্রান্ত আছিল ১৪৬গৰাকী৷ কিন্তু ১০ এপ্রিলৰ পৰা ১৬ এপ্রিললৈ ৫৪ হাজাৰ লোকৰ ক’ভিড পৰীক্ষাৰ অন্তত পজিটিভ ৰূপে চিনাক্ত হয় ৪৮৪গৰাকী লোক৷ অৱশ্যে ক’ৰোনাৰ সংক্রমণ বৃদ্ধি হোৱাৰ পাছতো পজিটিভিটিৰ হাৰ .৮৮ শতাংশ হৈছে৷ আনহাতে, মৃত্যুৰ হাৰ হৈছে .৫১ শতাংশ৷ ইফালে ৰাজ্যত পর্যাপ্ত পৰিমাণৰ ক’ভিড ভেকচিন মজুত থকা বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয়– অসমত এতিয়া মজুত আছে ৬ লাখ ৭ হাজাৰ ভেকচিন৷ অচিৰেই আৰু এক লাখ ভেকচিন কেন্দ্রীয় চৰকাৰে প্রেৰণ কৰিব৷ সোমবাৰৰ পৰা প্রতিখন চৰকাৰী চিকিৎসালয়ত উপলব্ধ হ’ব ক’ভিড ভেকচিন৷
ইতিমধ্যে ১৫,৬৭,৪৩০গৰাকী লোকক ভেকচিন প্রদান কৰা হৈছে৷ ইয়াৰে ১২,৮৪,৪৩২গৰাকী লোকক ভেকচিনৰ প্রথমটো ড’জ দিয়াৰ বিপৰীতে দ্বিতীয়টো ড’জ লৈছে ২,৮২,৯৯৮গৰাকী লোকে৷ আনহাতে, ৰাজ্যত অক্সিজেনৰ সুবিধা থকা বিছনা আছে ৭১৮খন৷ ইয়াৰে ১৩৭খন বিছনা ভর্তি হৈ আছে৷ আই চি ইউৰ ক্ষেত্রত বর্তমান ২৭৮খন আই চি ইউ বিছনা মজুত আছে আৰু ইয়াৰে ৬৫খন বিছনাত ৰোগী আছে৷ আনহাতে, আই চি ইউ–ভেণ্টিলেটৰ থকা বিছনা আছে ১৪৩খন আৰু ইয়াৰে ১৭খন বিছনাত ৰোগী আছে৷ উল্লেখ্য যে এনে জটিল পৰিস্থিতিৰ মাজতে ৰাজ্যত অক্সিজেনৰ নাটনিক লৈ শেহতীয়াকৈ চলা চর্চাক নস্যাৎ কৰি তেওঁ কয় যে অসমত অক্সিজেন জমা ৰখাৰ বাবে ২৪০ মেট্রিকটন অক্সিজেন কনচেনট্রেটৰ ব্যৱস্থা আছে৷ প্রতিদিনে ৰাজ্যত আৱশ্যক হয় ৪০ মেট্রিকটন অক্সিজেনৰ৷ ইয়াৰ বিপৰীতে মজুত আছে ২৮৮.১৯ মেট্রিকটন অক্সিজেন৷
ইতিমধ্যে ১৯টা ইউনিটৰ অক্সিজেন প্লাণ্ট প্রস্তুত হৈছে৷ প্রতিখন জিলা হাস্পতালত একোটাকৈ এনে ইউনিট স্থাপন কৰা হ’ব৷ কেন্দ্রীয় চৰকাৰে পুনৰ ৬টা এনে প্লাণ্ট অসমক দিব৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই ইয়াকো কয়– বর্তমান ৰাজ্যত ১২,৮৬১ ৰেমডেছিৱিৰ ইনজেকচন মজুত আছে৷ ক’ৰোনাত আক্রান্ত ৰোগী সংকটজনক অৱস্থালৈ গ’লে এই ইনজেকচন ব্যৱহাৰ কৰাত বিগত বর্ষত যথেষ্ট সুফল পাইছিল স্বাস্থ্য বিভাগে৷ ইতিমধ্যে আই চি এম আৰেও সংকটজনক অৱস্থালৈ যোৱা ক’ৰোনা আক্রান্তক পাঁচ ঘণ্টাৰ ভিতৰতে ৰেমডেছিৱিৰ ইনজেকচন ব্যৱহাৰৰ বাবে নির্দেশ দিছে৷ এপ্রিল মাহলৈ অসমত ২২ হাজাৰ ৰেমডেছিৱিৰ ইনজেকচন মজুত হ’ব৷ আনহাতে, মে’ মাহত এই সংখ্যা এক লাখলৈ হ’ব৷
উল্লেখ্য যে একোটা ৰেমডেছিৱিৰ ইনজেকচনৰ বজাৰ মূল্য চাৰি হাজাৰ টকা৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই আজি প্রকাশ কৰে যে ৰাজ্য চৰকাৰে এই ইনজেকচন ১,৬৫২ টকাত ৰোগীক প্রদান কৰিব৷ আনহাতে, বি পি এল এথবা দুখীয়া ৰোগীক চিকিৎসালয়ত বিনামূলীয়াকৈ দিয়া হ’ব এই ইনজেকচন৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ ক’ভিড পৰিস্থিতি সন্দর্ভত আন এক তথ্য সদৰী কৰি উল্লেখ কৰে যে বর্তমান বিমানবন্দৰত বহিঃৰাজ্যৰ পৰা অহা প্রতিগৰাকী যাত্রীক ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে৷ অসমত ক’ভিডৰ সংক্রমণ স্থানীয় লোকৰ দ্বাৰা হোৱা নাই৷
বহিঃৰাজ্যৰ পৰা অহা লোকৰ দ্বাৰাহে সংক্রমণ বৃদ্ধি হৈছে৷ সেয়েহে বহিঃৰাজ্যৰ পৰা অহা প্রতিজন লোকৰ আৰ টি পি চি আৰ পৰীক্ষা নিগেটিভ নোহোৱালৈকে সেই লোকসকলৰ পৰা সকলোৱে আঁতৰি থকা প্রয়োজন৷ তদুপৰি বহিঃৰাজ্যত পুনৰ ক’ভিড নিগেটিভৰ প্রমাণ–পত্র লৈ আহিলেও তেওঁলোকে বিমানবন্দৰত আৰ টি পি চি আৰ পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে৷ বর্তমান ৰাজ্যত ৪,০৬৯গৰাকী ৰোগী ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰে ৩,২৫৮গৰাকী আক্রান্ত হোম আইছ’লেচনত আছে৷