অসমৰ বৰঘৰত জুই জ্বলাবলৈ বিচৰা বদৰুদ্দিনক সর্বত্রে ধিক্কাৰ

আজমলৰ বিষাক্ত সাম্প্রদায়িক মন্তব্যত উতলিছে অসম

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ বিভিন্ন জাতি–জনগোষ্ঠীয়ে সমন্বয়েৰে বাস কৰা অসমৰ বৰঘৰত জুই জ্বলাবলৈ সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে কৰা চূড়ান্ত সাম্প্রদায়িক মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ সংখ্যালঘু নেতাজনৰ এই উগ্র সাম্প্রদায়িক মন্তব্যক একমুখে ধিক্কাৰ দিছে ৰাজ্যৰ দল–সংগঠনসমূহে৷  এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি অগপৰ সভাপতি অতুল বৰাই কয়– কংগ্রেছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে৷ মিতিৰালি কৰাৰ পাছত আজমলৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ তেওঁলোকে হেৰুৱালে৷ জাতি ধ্বংসকার্যত কংগ্রেছ আৰু এ আই ইউ ডি এফ যৌথভাৱে নামি পৰিছে৷ অসমৰ ৰাইজে সেয়া হ’বলৈ নিদিয়ে৷ অসমৰ বৰঘৰত জুই জ্বলাবলৈ এনে মন্তব্য কৰিছে আজমলে৷ সকলোকে আজমলৰ এই সাম্প্রদায়িকতাবাদক প্রতিহত কৰিবলৈ তেওঁ আহ্বান জনায়৷

ইফালে, চূড়ান্ত সাম্প্রদায়িক মন্তব্য কৰা আজমলক গ্রেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে সাংসদ কামাখ্যা প্রসাদ তাছাই৷ আজি আজমলৰ মন্তব্য সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি সাংসদজনে কয়– তেওঁ অভদ্রামিৰ সীমা চেৰাই গৈছে৷ এনে মন্তব্যৰে সামাজিক বিশৃংখলতাৰ সৃষ্টি কৰিছে৷ নিয়ম মতে তেওঁক গ্রেপ্তাৰ কৰিব লাগে৷ মই ৰাজ্য চৰকাৰক অনুৰোধ জনাইছোঁ তেওঁৰ ওপৰত এটা গোচৰ ৰুজু কৰিব লাগে৷ তেওঁ চূড়ান্ত সীমা অতিক্রম কৰিছে৷ আনহাতে, ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র ৰূপম গোস্বামীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয়– বিজেপিৰ উত্থানত এ আই ইউ ডি এফ শংকিত হৈ পৰিছে৷ বিজেপিৰ প্রতি সংখ্যালঘু লোকসকলৰ মনোভাব সলনি হোৱাত তেওঁলোক শংকিত হৈছে৷ সংখ্যালঘু অঞ্চলত বিজেপিয়ে এইবাৰ যথেষ্ট আসন লাভ কৰিব৷ অতি কমেও ৭ৰ পৰা ৮খন আসন সংখ্যালঘু অঞ্চলত লাভ কৰিব৷ আনহাতে, মহাজোঁটবন্ধনত এ আই ইউ ডি এফ মিত্র হোৱাৰ পাছতো আজমলৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰিল সাংসদ তথা আঞ্চলিক গণ মর্চাৰ নেতা অজিত ভূঞা৷

আজি এখন সংবাদ মেলত এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয়– বদৰুদ্দিন আজমলৰ এই মন্তব্যক আমি গৰিহণা দিছোঁ৷ এনেধৰণৰ সাম্প্রদায়িক কথা–বতৰাই সমাজৰ অনিষ্ট কৰিব৷ যিদৰে হিন্দু সাম্প্রদায়িকতাবাদৰ আমি বিৰোধী, সেইদৰে মুছলমান সম্প্রদায়িকতাবাদৰো আমি বিৰোধ কৰোঁ৷ কথা কওঁতে নেতাসকল দায়িত্বশীল হওক৷ আনহাতে, অগপৰ মুখপাত্র ড০ তপন দাসে কয় যে এ আই ইউ ডি এফৰ মূল নীতি আৰু লক্ষ্য হৈছে সাম্প্রদায়িকতা৷ তেওঁলোকে উঠোতে, বহোঁতে, খাওঁতে, শোওঁতে কেৱল সাম্প্রদায়িক কথাই চিন্তা কৰি থাকে৷ শংকৰ–আজানৰ সাতামপুৰুষীয়া যি বান্ধোনেৰে অসমীয়া জাতি বান্ধ খাই আছে সেয়া তেওঁলোকে ভংগ কৰিব বিচাৰিছে৷ উল্লেখ্য যে কালি গৌৰীপুৰত অনুষ্ঠিত এখন দলীয় সভাত সংখ্যালঘু সম্প্রদায়ৰ ভোট আদায়ৰ লক্ষ্যৰে এটাৰ পাছত আন এটা সাম্প্রদায়িক মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে৷ বিজেপি শাসনলৈ আহিলে বোর্খা পিন্ধি মহিলাসকল ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব, মছজিদত নামাজ পঢ়িব নোৱাৰিব বুলি মন্তব্য কৰিছিল এ আই ইউ ডি এফৰ মুৰব্বীজনে৷

Featured