নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ ছবি ‘বকুল ফুলৰ দৰে’। পৰিচালক সঞ্জিৱ হাজৰিকাৰ উপস্থিতিত চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হল ‘বকুল ফুলৰ দৰে’। উল্লেখ্য যে ইতিমধ্যে দেশ-বিদেশৰ কেইবাটাও চলচ্চিত্ৰ মহোৎসৱত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে শিশু সাহিত্য অকাডেমি বঁটাৰে স্বীকৃতি লাভ কৰা মৃণাল কলিতাৰ ‘বকুল ফুলৰ দৰে’ গ্রন্থৰ আধাৰত নির্মাণ কৰা ছবিখনে মুখ্যতঃ এজন লোকৰ জীৱনৰ দুটা অতি গুৰুত্বপূর্ণ পথ প্রদর্শক শক্তিৰ ওপৰত আলোকপাত কৰিছে৷ প্রতিপালন আৰু শিক্ষাদান– এই চৰিত্রৰে ছবিখনত দাঙি ধৰা হৈছে সামাজিক জীৱনৰ ব্যতিক্রমী দৃশ্য৷ ৰিণিকি ভূঞা শর্মাৰ দ্বাৰা প্রযোজিত আৰু সঞ্জীৱ হাজৰিকাৰ নির্দেশনাত নির্মাণ কৰা ছবিখনে ইতিমধ্যে বহুকেইটা আন্তঃৰাষ্ট্রীয় মহোৎসৱত সন্মান বুটলিছে৷