ৰাষ্ট্ৰসংঘৰ শ্ৰেষ্ঠ কূটনৈতিক অধিৱেশনলৈ নিৰ্বাচিত পলাশবাৰীৰ ধনমণি

নিয়মীয়া বাৰ্তা, ২৫ মেঃ মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত ১৩ জুলাইৰ পৰা ১৬ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ বেষ্ট ডিপ্লমেট (শ্ৰেষ্ঠ কূটনৈতিক) বাৰ্ষিক অধিৱেশনলৈ যুৱ ছাত্ৰ হিচাপে নিৰ্বাচিত হৈছে অসমৰ পলাশবাৰীৰ বৰিহাটৰ ধনমণি দাস। এই অনুষ্ঠানত পৃথিৱীৰ প্ৰায় ৮০খন দেশৰ যুৱ প্ৰতিনিধিয়ে যোগদান কৰিব আৰু বিশ্বৰ শিক্ষা, সাহিত্য, স্বাস্থ্য, উদ্যোগ, ব্যৱসায় আদি বিভিন্ন বিষয়ত এই অধিৱেশনে আলোচনা-চক্ৰ অনুষ্ঠিত কৰিব। এইক্ষেত্ৰত ভাৰতৰ পৰা নিৰ্বাচিত প্ৰতিনিধি হিচাপে পলাশবাৰীৰ বৰিহাটৰ সন্তান তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ধনমণি দাসে অধিৱেশনত অংশগ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত হৈছে। কিন্তু আৰ্থিক দূৰ্বলতাৰ বাবে ধনমণিয়ে অনুষ্ঠানটোত যোগদান কৰাৰ বাবে অসুবিধাত পৰিছে। সেয়েহে প্ৰায় এক লাখ টকাৰ প্ৰয়োজন হৈছে ধনমণিক। এই সন্দৰ্ভত চৰকাৰকো অৱগত কৰাৰ বাবে চিন্তা কৰি থকা হৈছে। সদাশয় ৰাইজেও ধনমণিক এই বিষয়ত সহায় কৰিব পাৰে। আপোনালোকৰ এটা সহায়ে তেওঁক এই অনুষ্ঠানত যোগদান কৰাৰ বাবে সুবিধা প্ৰদান কৰিব আৰু ই আমাৰ বাবেও গৌৰৱ কঢ়িয়াই আনিব। এইক্ষেত্ৰত সহায় কৰিব বিচৰাসকলে তলৰ নম্বৰত যোগাযোগ কৰে যেন। 6000870826, ধনমণি দাস ছাত্ৰ,গুৱাহাটী বিশ্ববিদ্যালয়।

প্ৰেৰক ভগৱান দাস

Featured