বিজনী বাৰ্মুদা মোবাইল চেণ্টাৰত চুৰিকাণ্ড সংঘটিত হোৱা মোবাইলসহ চোৰক গ্ৰেপ্তাৰ

চি চি টি ভিৰ ৰ ফুটেজৰ সহায়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আমজাদ আলী

নিয়মীয়া বাৰ্তা, ১৩আগষ্ট: চিৰাং জিলা আৰক্ষীৰ বৃহৎ সফলতা। বিগত ২৭ জুন তাৰিখে বিজনী বাৰ্মুদা মোবাইল চেণ্টাৰত চুৰিকাণ্ড সংঘটিত হোৱা মোবাইলসহ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল চিৰাং জিলা আৰক্ষী।চি চি টি ভি ফুটেজৰ সহায়ত চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙৰ নেতৃত্বত আৰক্ষীৰ দলে বৰপেটাৰ পৰা চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চোৰটো হাউলী নিৱাসী আমজাদ আলী(২৬)চোৰটোৰ পৰা আৰক্ষীয়ে ২৪ টা মোবাইল হেণ্ডছেট, AS-01DV 2697 নম্বৰৰ হোণ্ডাই i10 গাড়ী আৰু নগদ ২৭,৪১০ টকা জব্দ কৰিবলৈ সক্ষম হয়। চোৰটো বৰপেটাৰ হাউলী নিবাসী আমজাদ আলী(26)। এই সংক্ৰান্তত বাৰ্মুদা মোবাইল চেণ্টাৰৰ স্বত্বাধিকাৰীয়ে বিজনী থানাত এখন এজাহাৰ দাখিল কৰিছিল। এজাহাৰ ভিত্তিতেই আজি আৰক্ষীয়ে মোবাইল সহ চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। উল্লেখ্য যে বিগত জুন মাহৰ ২৭ তাৰিখে নিশা ১:৫২ বজাত বিজনী বজাৰৰ মাজমজীয়াৰ বাৰ্মুদা মোবাইল চেণ্টাৰত চোৰে চেণ্টাৰটোৰ টিনপাট কাটি চিলিং ভাঙি ভিতৰত প্ৰৱেশ কৰি চুৰিকাণ্ডটো সংঘটিত কৰিছিল। মোবাইল চেণ্টাৰটোৰ পৰা চোৰে ৪৮ টা মোবাইল হেণ্ডছেট, নগদ টকা আৰু ভালেমান সামগ্ৰী লৈ উধাও হৈছিল। কিন্তু উক্ত চুৰিকাণ্ডৰ দৃশ্য মোবাইল চেণ্টাৰত সংলগ্ন চি চি টি ভি কেমেৰাত আৱদ্ধ হৈ পৰিছিল। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে অধিক তথ্যৰ বাবে চোৰটোক জেৰা অব্যাহত ৰাখিছে।