‘সেৱা পষেক’ উপলক্ষে বিজেপি কৃষক মৰ্চাৰ ৰাজ্যজুৰি প্ৰদৰ্শনী সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১৭ ছেপ্টেম্বৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিয়ে দেশজুৰি ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ “সেৱা পষেক”ৰ আয়োজন কৰিছে । এই উপলক্ষ্যে পষেকটোত ৰক্তদান শিবিৰ, স্বচ্ছতা অভিযান, বিনামূলীয়া স্বাস্থ্য শিবিৰ, বৃক্ষৰোপণ, প্ৰবুদ্ধ ব্যক্তি সন্মিলন, জল সংৰক্ষণ আদি বিভিন্ন জনসেৱামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । এই সেৱা পষেকৰ অংশস্বৰূপে বিজেপি কৃষক মৰ্চাই ২৭ আৰু ২৮ ছেপ্টেম্বৰত দুদিনীয়াকৈ অসমৰ বিভিন্ন জিলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্ব আৰু কৃতিত্ব সম্পৰ্কত প্ৰদৰ্শনীৰ আয়োজন কৰে ।

কেন্দ্ৰীয়ভাৱে ভাৰতীয় জনতা পাৰ্টি, কৃষক মৰ্চাৰ ৰাজ্যিক সমিতি আৰু গুৱাহাটী মহানগৰ কৃষক মৰ্চাৰ উদ্যোগত বেজেৰা মণ্ডল কৃষক মৰ্চাৰ সহযোগত উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰৰ কাষৰ লক্ষ্যধৰ চৌধুৰী প্ৰেক্ষাগৃহত ২৮ ছেপ্টেম্বৰ, বুধবাৰে এই প্ৰদৰ্শনী অনুষ্ঠিত হয় । কেন্দ্ৰীয় প্ৰদৰ্শনীত চৰকাৰী- বেচৰকাৰী বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে আটকধুনীয়া বিপণী স্থাপন কৰে । ইয়াৰ ভিতৰত আছে কামৰূপ বহুমুখী পাম, সোণালী ফাৰ্মাৰ প্ৰডিউচিং কোম্পানী, উত্তৰণ কৃষি প্ৰডিউচাৰ কোম্পানী, জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক কলেজ, বাবা মাছৰুম ফাৰ্ম এণ্ড ফেক্টৰী, উদ্ভিদ বিজ্ঞান সঞ্চালকালয়, ৰাজ্য চৰকাৰৰ কৃষি বিভাগ আদি ।

এই প্ৰদৰ্শনীত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‌ইকীয়া, সাংসদ কুইন ওজা, বিজেপি অসম প্ৰদেশৰ সভাপতি ভবেশ কলিতা, কৃষক মৰ্চা অসম প্ৰদেশৰ সভাপতি দেৱজিত বৰা, কৃষক মৰ্চাৰ প্ৰভাৰী অশোক ভট্ৰৰায়, বিজেপিৰ ৰাজ্যিক উপসভাপতি জয়ন্ত দাস, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক ৰিণিকি শৰ্মা ভূঞা, বিজেপি গুৱাহাটী মহানগৰৰ সভাপতি তপন দাস, কৃষক মৰ্চাৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল বৰা, কৃষক মৰ্চাৰ উপসভাপতি ৰণজিৎ ভট্টাচাৰ্য, ভাস্কৰজ্যোতি দাস, কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক নিবাৰণ লহকৰ, ইন্দ্ৰাণী তহবিলদাৰ আৰু কৃষক মৰ্চাৰ গুৱাহাটী মহানগৰৰ সভাপতি সঞ্জীৱ সমৰ ডেকা ।

বিজেপি কৃষক মৰ্চা, অসম প্ৰদেশৰ সভাপতি দেৱজিৎ বৰাই সমাজৰ বিভিন্ন অংশৰ লোকে এই প্ৰদৰ্শনী উপভোগ কৰিবলৈ অহাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত প্ৰদৰ্শিত চিত্ৰ উন্মোচন কৰে ভাজপা অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই। চৰকাৰী বিভাগ সমুহ আৰু আত্মসহায়ক গোট সমূহৰ প্ৰদৰ্শনী উন্মোচন কৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালিকা ৰিণিকি শৰ্মা ভূঞাই। অসমৰ ৩২খন সাংগঠনিক জিলাত এই কাৰ্যসূচী সফলতাৰে ৰূপায়ন কৰে জিলা কৃষক মৰ্চা সমিতি সমূহে।

Featured