প্রতিমাহতে ৰাইজক জনাব চৰকাৰৰ সিদ্ধান্ত

ৰাজ্যিক বিজেপিৰ কার্যালয়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ১২ মেঃ চৰকাৰে গ্রহণ কৰিব লগা সকলো সিদ্ধান্ত প্রতিমাহে ৰাজ্যবাসীক অৱগত কৰোৱা হ’ব৷ আজি এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শপতগ্রহণৰ পাছত আজি ৰাজ্যিক বিজেপিৰ কার্যালয়ত উপস্থিত হোৱা মুখ্যমন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে এতিয়াৰে পৰা চৰকাৰৰ সিদ্ধান্ত আৰু উন্নয়নৰ খতিয়ান ৰাজ্যবাসীক অৱগত কৰিবলৈ এজন মন্ত্রীক দায়িত্ব অর্পণ কৰা হ’ব৷

উল্লেখ্য যে মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণৰ পাছতেই মঙলবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত উপস্থিত হোৱা ড০ হিমন্ত বিশ্ব শর্মাক সভাপতি ৰঞ্জিত দাসে উষ্ম আদৰণি জনায়৷ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিতেই মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যিক বিজেপিৰ নেতৃত্ব তথা কার্যকর্তাসকলৰ সৈতে দলৰ সাংগঠনিক দিশৰ লগতে চৰকাৰ আৰু দলৰ মাজত থাকিব লগা যোগসূত্রৰ বিভিন্ন দিশসমূহো আলোচনা কৰে৷ এই বৈঠকৰ অন্তত সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে কয়– এন ডি এ চৰকাৰ গঠনৰ আঁৰত বিজেপিৰ কার্যকর্তাসকলে গ্রহণ কৰা কষ্ট আৰু পৰিশ্রম আমি সকলোৱে সদায় স্বীকাৰ কৰি থাকিম৷ চৰকাৰ গঠনৰ পাছত দলৰ কার্যকর্তাসকলৰ সৈতে এই সন্দর্ভত বিভিন্ন দিশ আলোচনা কৰিলোঁ৷

উল্লেখ্য যে মুখ্যমন্ত্রী হিচাপে এতিয়াৰে পৰা ড০ শর্মাই সাংবাদিকৰ সৈতে সদায়ে মুখামুখি নহয় বুলি  স্পষ্ট কৰি দিয়ে৷ ইয়াৰ বিপৰীতে চৰকাৰৰ সিদ্ধান্তসমূহ এগৰাকী মন্ত্রীয়ে অৱগত কৰিব বুলিও তেওঁ সাংবাদিকক কয়৷

উল্লেখ্য যে মুখ্যমন্ত্রী হিচাপে দ্বিতীয় দিনটোতড০ শর্মাই ‘সাদিন’–‘প্রতিদিন’ গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত হয়৷ মুখ্যমন্ত্রীয়ে জয়ন্ত বৰুৱাৰ সৈতে এক আলোচনাতো মিলিত হয়৷ পাছত এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয়– মই তেওঁৰ পৰা আশিস ল’লোঁ৷ গান্ধীবস্তিত আমি সৰুৰে পৰা একেলগে ডাঙৰ হৈছোঁ৷ আনহাতে, জয়ন্ত বৰুৱাই মুখ্যমন্ত্রীৰ সৈতে হোৱা আলোচনা যথেষ্ট সৌহার্দ্যপূর্ণ বুলি উল্লেখ কৰি কয়– আমি গান্ধীবস্তিত একেলগে ডাঙৰ হৈছোঁ, গতিকে বহু পুৰণি স্মৃতি আছে৷ এসময়ত আমাৰ দুয়োখন ঘৰ এখন ঘৰৰ দৰেই আছিল৷ মুখ্যমন্ত্রীয়ে মঙলবাৰে মহানগৰীৰ উজানবজাৰস্থিত দলৰ উত্তৰ–পূবৰ সাংগঠনিক কার্যালয়তো উপস্থিত হয়৷ এই কার্যালয়ত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ সাধাৰণ সম্পাদক (সংগঠন) অজয় জামৱালৰ লগতে কেইবাজনো নেতাৰ সৈতে এক আলোচনাত মিলিত হয়৷

Featured