আগন্তুক দুই বছৰত বিপিএফ নোহোৱা হ’ব : প্ৰমোদ বড়ো

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল : বাক্সাৰ জালাহত ৭০সংখ্যক জালাহ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত হৈ প্ৰমোদ বড়োৱে জালাহবাসীক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। জালাহত বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে অসমৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰ বাবে আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবে ভোট দি আছে। কাৰণ তেওঁ কয় যে গাঁৱে-ভূৱে সকলোৱে চৰকাৰী আঁচনি পাইছে। গতিকে এনেকুৱা পৰিৱেশত কংগ্ৰেছৰ কোনো অস্তিত্ব নাই। তেওঁ কয় যে অন্য দলবোৰৰো কোনো স্থিতি নাই। তেওঁ বিজেপি, এজিপি আৰু ইউপিপিএলৰ প্ৰাৰ্থী সকলো সমষ্টিতে জয়ী হ’ব। তেওঁ কয় যে আগন্তুক দুই বছৰত বিপিএফ নোহোৱা হৈ যাব। নৱ কুমাৰ শৰণীয়া সম্পৰ্কত তেওঁ কয় যে গুৱাহাটী উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ৰায় প্ৰদান কৰিছে। আমি আইনৰ মতে যাব লাগিব। নৱ কুমাৰ শৰণীয়াই মনোনয়ন কেনেদৰে দিব মই নাজানো বুলি মন্তব্য কৰে বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে। বিধায়ক ফণী তালুকদাৰে কয় যে কংগ্ৰেছ দলে নিৰ্বাচনৰ ফলাফলৰ বাবে ১২ বজালৈ জয়ী হৈ থাকে, কিন্তু শেষত শূন্য হয়। বিধায়ক তালুকদাৰে কয়, ‘অখিল গগৈয়ে আমাৰ সংস্কৃতিৰ লগত বৰ্তি থাকিব নোৱাৰে’। মন্ত্ৰী হোৱাৰ ইচ্ছা নাই ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰৰ। তালুকদাৰে সংবাদ মাধ্যমৰ আগত কয় যে বিধায়কৰ বহুতো কাম থাকে, বহুতো শিকিবলগীয়া থাকে।

প্ৰেৰক দিগন্ত দাস

Featured