ৰাভা জনগোষ্ঠীক বাইখোৰ ওলগ, বড়ো শিল্পী কামিনী কুমাৰ নাৰ্জাৰীক স্মৰণ, মুখ্যমন্ত্ৰীৰ বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা

বিশেষ বাৰ্তা, ১৬ মেঃ বুদ্ধদেৱৰ অসংলগ্নতা, অহিংসা, প্ৰেম আৰু ভাতৃত্ববোধৰ বাৰ্তাই মানৱ জাতিক অনুপ্ৰাণিত কৰি আহিছে। আজি সকলোকে বুদ্ধ পূৰ্ণিমাৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ছ’চিয়েল মিডিয়াত সক্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত ৰাভা জনগোষ্ঠীৰ উলাহৰ উৎসৱ বাইখো উপলক্ষেও সকলোলৈ অনাবিল শুভকামনা যাচিছে। ইপিনে আজি বড়ো জনগোষ্ঠীও নৃত্যশিল্পী তথা বড়ো সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষক ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীৰ মৃত্যু বাৰ্ষিকী। বড়ো জনগোষ্ঠীও নৃত্য-সংস্কৃতিক ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়া এইগৰাকী শিল্পীকো টুইটাৰত বড়ো ভাষাৰে স্মৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে। তদুপৰি, ছিকিমে দেশৰ ২২ সংখ্যক ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল আজিৰ দিনটোতে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙকো শুভেচ্ছা যাচিছে। তাৰ পাছতে বুদ্ধ পূৰ্ণিমাৰ দিনা নেপালত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীৰ টুইট মুখ্যমন্ত্ৰীজনে ৰি-টুইট কৰিছে।

Featured