জনীয়া সত্ৰৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: ঐতিহ্যমণ্ডিত সত্ৰৰ সুৰক্ষা, সংৰক্ষণ তথা সংবৰ্ধনৰ দিশত অসম চৰকাৰৰ এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি আহিছে।
আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰীশ্ৰী পুৰুষোত্তম ঠাকুৰদেৱ তথা শ্ৰীশ্ৰী নাৰায়ণ দাস ঠাকুৰ আতাৰ জনীয়া সত্ৰৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে।
একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে শ্ৰীশ্ৰী পুৰুষোত্তম ঠাকুৰদেৱ বিৰচিত আৰু জ্যেষ্ঠ সাংবাদিক বিশ্বজিৎ দাসৰদ্বাৰা সম্পাদিত ‘ন-ঘোষা’ পুথিৰ শুভ উন্মোচন কৰে।