পহিলা ব’হাগৰ দিনাই মুলুক গাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ পহিলা ব’হাগৰ দিনাই চাবুৱাৰ বিন্ধাকটা মুলুক গাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ নিজ গাঁৱত উপস্থিত হৈয়ে নামঘৰলৈ গৈ ভগৱানৰ ওচৰত আশীষ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ব’হাগৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰী গৰাকীয়ে পিতৃ-মাতৃৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন কৰি সেৱা জনায় ৷

আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে সমূহ অসমবাসী ৰাইজক ক’ভিড পৰিস্থিতিৰ প্ৰতি সজাগ হৈ বিহু উদযাপন কৰিবলৈ আহ্বান জনায় ৷