নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ ক’ৰোনাৰ দ্রুত সংক্রমণে পৰিস্থিতি জটিল কৰি ৰখাৰ সময়তে ৰাজ্যত সৃষ্টি হৈছে কিছু আশাব্যঞ্জক পৰিৱেশ৷ শেহতীয়াকৈ বৃদ্ধি হৈছে ক’ৰোনামুক্ত লোকৰ সংখ্যা৷ ক’ৰোনাৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ ৮১.৬ শতাংশলৈ বৃদ্ধি পাইছে৷ কিন্তু এনে আশাব্যঞ্জক খবৰৰ মাজতো ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাক লৈ চিন্তিত ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ এনে পৰিস্থিতিৰ মাজতে স্বাস্থ্য বিভাগে বিমানযাত্রীসকলৰ বাবে এক বিশেষ ব্যৱস্থা ঘোষণা কৰিছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে এই কথা সদৰী কৰি জানিবলৈ দিয়ে যে ৰাজ্যৰ ক’ৰোনা পৰিস্থিতি পূর্বতকৈ কিছু উন্নত হোৱা হেতু বিমানযাত্রীৰ বাবে কোৱাৰেণ্টাইনৰ নীতি–নিয়মৰ কিছু সালসলনি ঘটোৱা হৈছে৷ সেইমর্মে পূর্বে অসমলৈ অহা বিমানযাত্রীয়ে ১০ দিনৰ কোৱাৰেণ্টাইনত থকা জৰুৰী আছিল যদিও এতিয়া এণ্টিজেন আৰু আৰ টি পি চি আৰ পৰীক্ষাত নিগেটিভ হ’লে ২৪ ঘণ্টা কোৱাৰেণ্টাইনত থাকিলেই হ’ব৷ মন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয়– কোনো বিমানযাত্রীয়ে যদি আৰ টি পি চি আৰ টেষ্টৰ বাবে ২,২০০ টকাৰ মাচুল আদায় দিয়ে, তেন্তে ২৪ ঘণ্টাৰ ভিতৰতেই তেওঁৰ পৰীক্ষাৰ ফলাফল দিয়া হ’ব৷ আনহাতে, কোনোৱে যদি বিনামূলীয়াকৈ এই পৰীক্ষা কৰিব বিচাৰে, তেন্তে ইয়াৰ বাবে ৪–৫ দিন সময় অপেক্ষা কৰিব লাগিব আৰু এই সময়ছোৱাত তেওঁ হোম কোৱাৰেণ্টাইন হৈ থাকিব লাগিব৷ কোৱাৰেণ্টাইনত থকা অৱস্থাত পজিটিভ চিনাক্ত হ’লে তেওঁক ক’ভিড কেয়াৰ চেণ্টাৰলৈ নিয়া হ’ব৷
বিমানযাত্রীসকলৰ বাবে আন এক ব্যৱস্থাৰ কথা উল্লেখ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ আজি কয়– বিমানযাত্রীসকলে বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত ক’ভিড প্রট’কল অনুসৰি কেইবাখনো প্র–পত্র পূৰণ কৰাৰ প্রয়োজন৷ এইক্ষেত্রত বিমানযাত্রীসকলে কিছু আহুকালৰো সন্মুখীন হয়৷ এই দিশটোৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰিবহণ আৰু স্বাস্থ্য বিভাগে বিশেষ এপ প্রস্তুত কৰি উলিয়াইছে৷visitassam.org. – এই এপযোগে বিমানযাত্রীয়ে আগতীয়াকৈ প্র–পত্রসমূহ পূৰণ কৰিব পাৰিব৷ অর্থাৎ যাত্রাৰ পূর্বেই এই প্র–পত্রসমূহ পূৰণ কৰি ম’বাইলত উপলব্ধ কৰি বিমানবন্দৰত দেখুৱালেই হ’ব৷
স্বাস্থ্যমন্ত্রীগৰাকীয়্ আন এক ব্যৱস্থাৰ কথা উল্লেখ কৰি জানিবলৈ দিয়ে যে কোনো ক’ৰোনামুক্ত লোকে যদি ৰে’ল বা বিমানেৰে যাত্রা কৰিব বিচাৰে, তেওঁৰ বাবে ক’ভিড টেষ্টৰ প্রয়োজন নহ’ব৷ জনতা ভৱনত শুকুৰবাৰে এখন সংবাদ মেল আয়োজন কৰি মন্ত্রী ড০ শর্মাই ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ কথা উল্লেখ কৰি কয় যে বিগত আগষ্ট মাহতকৈ ছেপ্টেম্বৰ মাহত ক’ৰোনা আক্রান্তৰ সংখ্যা কিছু হ্রাস পাইছে৷ কিন্তু চলিত মাহত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ চলিত মাহত প্রতিদিনে গড়ে ২,০০৪গৰাকী লোক আক্রান্ত হৈ আছে৷ অৱশ্যে ক’ৰোনা আক্রান্তৰ সংখ্যা ৩৬ দিনৰ মূৰতহে দুগুণ হৈছে৷ আন এক আশাৰ বতৰা দাঙি ধৰি মন্ত্রীগৰাকীয়ে কয় যে ৰাজ্যত আক্রান্তৰ সংখ্যা বৃদ্ধি হৈছে যদিও চিকিৎসালয়ত ৰোগীৰ বাবে বিছনাৰ অভাৱ হোৱা নাই৷ উদাহৰণস্বৰূপে জি এম চি এইচত ক’ৰোনা ৰোগীৰ বাবে ৮২১খন বিছনা আছে৷ কিন্তু এতিয়ালৈ ৭৪৯গৰাকী ৰোগীহে চিকিৎসাধীন হৈ আছে৷ ৰাজ্যত আই চি ইউ বেডৰ সংখ্যা বৃদ্ধি কৰা হৈছে আৰু নতুনকৈ কেইবাখনো চিকিৎসালয়ত আই চি ইউৰ বিছনা স্থাপনৰ কাম চলি আছে৷ ইতিমধ্যে ১,৮৬৬গৰাকী ক’ৰোনা আক্রান্তক প্লাজমা দিয়া হৈছে আৰু ১,০০০গৰাকী ৰোগীক জীৱনদায়িনী ৰেমডেচিভিৰ টেবলেট প্রদান কৰা হৈছে৷ ক’ৰোনাৰ সংক্রমণৰ এনে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এন এইচ এম আৰু স্বাস্থ্য বিভাগে ৩০ হাজাৰগৰাকী আশাকর্মীৰ জৰিয়তে এক গণজাগৰণ সপ্তাহৰ আয়োজন কৰিছে৷ ইয়াৰ জৰিয়তে মাস্ক ব্যৱহাৰ আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্রত সজাগতা সৃষ্টিৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ তেওঁ ইয়াকো উল্লেখ কৰে যে ২১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ পাছত এতিয়ালৈ কোনো নেতিবাচক খবৰ অহা নাই৷