নগাঁও কলেজৰ অধ্যয়নত ভয়ংকৰ তথ্যঃ চালানী মাছত কৰ্কটৰ বাহক ফৰ্মেলডিহাইডৰ উপস্থিতি

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল: পৰীক্ষাগাৰত জৈৱ নমুনা সংৰক্ষণৰ বাবে ব্যৱহূত ফর্মেলডিহাইড এতিয়া ব্যৱহূত হৈছে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা চালানী মাছত৷ অবিশ্বাস্য যেন লাগিলেও এতিয়া এয়াই সত্য৷ শেহতীয়াকৈ নগাঁও মহাবিদ্যালয়ৰ প্রাণীবিজ্ঞান বিভাগৰ এক অধ্যয়নত এই ৰহস্য ফাদিল হৈ পৰাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বিভাগীয়ভাৱে কৰা অধ্যয়নটো নগাঁৱৰ বজাৰত উপলব্ধ মাছক লৈ কৰা হৈছিল৷ প্রায় ৩ মাহজুৰি চলোৱা অধ্যয়নটোত উদ্বেগজনকভাৱে সর্বাধিক ১৫ শতাংশ ফর্মেলডিহাইডৰ উপস্থিতি ধৰা পৰিছে৷ কিন্তু প্রকৃততে কি হয় ফর্মেলডিহাইড? ফর্মেলডিহাইড হৈছে এক ধৰণৰ ৰসায়ন, যাৰ বৈজ্ঞানিক ফর্মুলা হৈছেCH2O৷ পানীৰ সৈতে মিহলোৱাৰ পাছত এয়া ফর্মেলিনলৈ ৰূপান্তৰিত হয়৷ সাধাৰণতে বিভিন্ন জৈৱ পৰীক্ষাগাৰত উদ্ভিদ অথবা প্রাণীৰ নমুনা সংৰক্ষণৰ বাবে ফর্মেলডিহাইড ব্যৱহাৰ কৰা হয়, যাতে বছৰৰ পাছত বছৰ ধৰি আকাৰ–আকৃতি সলনি নোহোৱাকৈ নমুনাটো সংৰক্ষিত হৈ থাকিব পাৰে৷ ফর্মেলডিহাইডৰ প্রভাৱত নমুনাবিলাকৰ প্রাকৃতিক বৰণ নোহোৱা হৈ পৰে যদিও আকাৰ বা আকৃতি একো সলনি নহয়৷ তেনেদৰে থোৱা ফর্মেলডিহাইড যদি কিবা কাৰণত মানৱ দেহৰ ভিতৰত প্রৱেশ কৰে তেন্তে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাত মানুহজন আক্রান্ত হ’ব পাৰে বুলি বিশেষজ্ঞই মত পোষণ কৰিছে৷ বিষাক্ত এই ফর্মেলডিহাইডক আকৌ চালানী মাছত প্রয়োগ কৰি বিক্রী কৰা হৈছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই এই সন্দর্ভত সদৰী কৰা মতে, সাধাৰণতে ফর্মেলডিহাইডক বহু ব্যৱসায়ীয়ে মাছত ব্যৱহাৰ কৰে কেৱল মাছটো দীর্ঘদিন ধৰি সতেজ কৰি ৰখাৰ স্বার্থত৷ এয়া প্রকৃততে সমীচীন নহয়৷ কাৰণ কিমান পৰিমাণে তেওঁলোকে এয়া ব্যৱহাৰ কৰে, যিটো জনা নাযায়৷ এনেধৰণে সংৰক্ষণ কৰি ৰখা মাছ যদিহে খোৱা হয়, তেন্তে এজন মানুহৰ বমি, কাহ, চকু–মুখ জ্বলা–পোৰা সমস্যা, ডিঙিত সংক্রমণ অথবা এলার্জী হ’ব পাৰে৷ তেওঁ কয় – মানৱ দেহৰ ছাল, চকু আৰু লিভাৰ যদি পোনপটীয়াকৈ ফর্মেলিনৰ সংস্পর্শত আহে তেন্তে গুৰুতৰ সমস্যা হ’ব পাৰে৷ ফর্মেলডিহাইডযুক্ত মাছ দীর্ঘদিন ধৰি ভক্ষণ কৰিলে মানুহৰ কর্কটপর্যন্ত হ’ব পাৰে৷ ফর্মেলডিহাইডৰ ভয়াৱহতা উল্লেখ কৰি তেওঁ কয়– যদিহে ৩০ মিলিলিটাৰ পানীত মাথোঁ দুচামুচ ফর্মেলডিহাইড মিশ্রণ কৰি কোনো লোকে সেই পানী সেৱন কৰে তেন্তে লোকজনৰ মৃত্যুপর্যন্ত হ’ব পাৰে৷ মীন বিভাগৰ এক সূত্রই জনোৱা মতে, চালানী মাছ অথবা লোকেল মাছত ফর্মেলডিহাইড প্রয়োগ কৰাটো একেবাৰে নিষিদ্ধ৷ তথাপি এটা নির্দিষ্ট মাত্রাত প্রয়োগ কৰা ফর্মেলডিহাইডযুক্ত মাছ কিবা প্রকাৰে যদি ভক্ষণো কৰা যায় তেন্তে বিশেষ ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে৷ কিন্তু ব্যৱসায়িক স্বার্থত এয়া কোনোৱে নামানে৷ উল্লেখ্য যে নগাঁও মহাবিদ্যালয়ৰ প্রাণীবিজ্ঞান বিভাগৰ অধ্যয়নে দাবী কৰা মতে যদিহে এই অভিযোগ সঁচা হয়, তেন্তে সাধাৰণ ৰাইজৰ বাবে এয়া ভয়ানক খবৰ৷ এইক্ষেত্রত চৰকাৰে কঠোৰ পদক্ষেপ লোৱাৰ দাবী কৰিছে ৰাজ্যৰ সচেতন মহলে৷

  • নগাঁও কলেজৰ অধ্যয়নত বজাৰত উপলব্ধ চালানী মাছত ফর্মেলডিহাইডৰ উপস্থিতিৰ উদ্বেগজনক তথ্য
  • সর্বাধিক ১৫ শতাংশলৈকে ফর্মেলডিহাইডৰ উপস্থিতি
    কেডমিয়াম, আর্ছেনিক আদিৰ উপস্থিতিৰ তথ্য লাভ

 নগাঁও কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীৰ নির্দেশনাত কলেজৰ প্রাণীবিজ্ঞান বিভাগে বজাৰত উপলব্ধ চালানী মাছত বিষাক্ত পদার্থৰ উপস্থিতিৰ অধ্যয়নৰ বাবে এলানি পৰীক্ষা সম্পন্ন কৰে৷ প্রাণীবিজ্ঞান বিভাগৰ অধ্যাপক ক্রমে ড০ ললিত মোহন গোস্বামী, ড০ ভুবন চন্দ্র চুতীয়া, ড০ জ্যোতিস্মৃতা দাস, ড০ প্রিয়াংকী শর্মা আৰু ড০ মানস প্রতিম বৰাৰ নেতৃত্বত, গৱেষক ছাত্র–ছাত্রী আৰু স্নাতকোত্তৰ ছাত্র–ছাত্রীৰ এটা দলে কৰা বিগত তিনি মাহজোৰা গৱেষণাত নগাঁও জিলাৰ বিভিন্ন ব্যৱসায়িক এলেকাৰ পৰা নমুনা সংগ্রহ কৰি প্রাণীবিজ্ঞান বিভাগৰ গৱেষণাগাৰত পুংখানুপুংখভাৱে অধ্যয়ন কৰাৰ লগতে তথ্যৰ শুদ্ধতা নিৰূপণৰ বাবে গুৱাহাটীস্থিত উন্নত মানৰ পৰীক্ষাগাৰতো পৰীক্ষা সম্পন্ন কৰে৷ পৰীক্ষাত উদ্বেগজনকভাৱে সর্বাধিক ১৫ শতাংশলৈকে ফর্মেলডিহাইডৰ উপস্থিতি ধৰা পৰিছে৷ ইয়াৰ উপৰি দলটোৱে গুৰু ধাতু যেনে– কেডমিয়াম, প্রমিয়াম, আর্ছেনিক, লিড আদিৰ উপস্থিতি সম্পর্কেও অধ্যয়ন অব্যাহত ৰাখিছে৷ প্রাৰম্ভিকভাৱে দলটোৰ অধ্যয়নত ০.০০% কেডমিয়াম আৰু ০.১% আর্ছেনিকৰ উপস্থিতি ধৰা পৰিছে৷ আভ্যন্তৰীণ মানদণ্ড আশ্বাষণ কোষৰ সমন্বয়ক ড০ ভুবন চন্দ্র চুতীয়াই সদৰী কৰা মতে সম্পূর্ণ নিজাববীয়াকৈ কৰা এই অধ্যয়নৰ যোগেদি মহাবিদ্যালয়খনে জনসাধাৰণক আতংকিত কৰিবৰ বাবে নহয়, সজাগতা সৃষ্টিৰ বাবে এই অধ্যয়ন আৰু প্রয়াস অব্যাহত ৰাখিছে৷

Featured