ধুবুৰীত ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ত মন্ত্ৰী ৰণোজ পেগু –অংগনবাড়ী কেন্দ্ৰ উদ্বোধন, শিক্ষানুষ্ঠান পৰিদৰ্শন

নিয়মীয়া বাৰ্তা, ১৪ আগষ্টঃ ‘ভাৰত বিভাজনৰ বিভীষিকাৰ পৰা শিক্ষা লৈ আমি আগবাঢ়ি যাব লাগিব৷ বিভীষিকাৰ কথা আমি পাহৰিলে নহ’ব৷ যিদিনা আমি বিভাজনৰ বিভীষিকা পাহৰি যাম সেইদিনাই আমি নিজৰ পৰিচয় পাহৰি যাম৷’ – দেশ বিভাজনৰ সময়ত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত মৃত্যু হোৱা আৰু অত্যাচাৰৰ বলি হৈ শিপাৰ পৰা বিচ্ছিন্ন হোৱা লোকসকলক স্মৰণ কৰি আৰু তেওঁলোকলৈ শ্ৰদ্ধা জনাই ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আজি বিয়লি ধুবুৰী আৰক্ষী নিৱেশৰ প্ৰেক্ষাগৃহত আয়োজিত ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ত বিশিষ্ট অতিথি হিচাপে উপাস্থিত থাকি এইদৰে কয় অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে আদৰণি ভাষণ দিয়া অনুষ্ঠানটোত ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যালেও ভাষণ দিয়ে৷ অনুষ্ঠানটোত প্ৰাক্তন বিধায়কদ্বয় অশ্বিনী ৰায় সৰকাৰ আৰু বনেন্দ্ৰ কুমাৰ মুছাহাৰী, সমাজকৰ্মী প্ৰসেনজিৎ দত্ত প্ৰমুখ্যে কেবাজনো বিশিষ্ট নাগৰিক, জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ৰাইজ উপস্থিত থাকে৷ উল্লেখ্য যে, আজি পুৱা আহি ধুবুৰীত উপস্থিত হোৱা মন্ত্ৰী ৰণোজ পেগুৱে নৱনৰ্মিত ২৬২ নং ভেলাকোবা পশ্চিম আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আৰু বৰোবাৰী আদৰ্শ অংগনবাড়ী কেন্দ্ৰ দুটা উদ্বোধন কৰে৷ শিক্ষামন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ ভোলানাথ কলেজত এক অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ তেওঁ আগমনি ছোৱালী মধ্য ইংৰাজী বিদ্যালয়, ধুবুৰীৰ শিশু কল্যাণ প্ৰাথমিক আৰু প্ৰাক প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে৷ তেওঁ ধুবুৰী টাউনৰ বিদ্যাপাৰাত থকা ব্ৰাহ্ম মন্দিৰৰ ভূমিৰ বৰ্তমান অৱস্থাৰ বুজ লয়৷ কাইলৈ ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আয়োজিত ৭৬তম স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী পেগুয়ে।

Featured