কটন বিশ্ববিদ্যালয়ত অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ বক্তৃতানুষ্ঠানত দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰ:  ‘স্বামী বিবেকানন্দ ভাৰতবর্ষৰ সনাতন অন্তৰ আত্মাৰ নৱজাগ্রত বীৰ বিক্রম৷ স্বামী বিবেকানন্দ হূদয়ংগম আৰু অনুভৱ কৰিব পৰা অন্তহীন দিগন্ত৷’ –এই মন্তব্য সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাৰ৷ অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা প্রেক্ষাগৃহত স্বামী বিবেকানন্দৰ চিকাগো  ভাষণৰ ১৩০ বর্ষপূর্তি উপলক্ষে আয়োজিত বক্তৃতানুষ্ঠানত দিগন্ত বিশ্ব শর্মাই প্রায় এঘণ্টাজোৰা তত্ত্বগধুৰ ভাষণ প্রদান কৰে৷

ভাষণ প্রসংগত তেওঁ স্বামী বিবেকানন্দ–চিকাগো আৰু ভাৰতবর্ষ সন্দর্ভত কেইবাগৰাকীও বিশিষ্ট লেখকৰ গ্রন্থৰ তুলনামূলক বিশ্লেষণ আগবঢ়ায়৷ তেওঁ লগতে কয় যে স্বামী বিবেকানন্দই চিকাগোত দিয়া ভাষণে সমগ্র বিশ্ববাসীলৈ এই বার্তা প্রেৰণ কৰিছিল যে ভাৰতবর্ষ জীয়াই থকাৰ বাবে জাগি উঠা নাই, জয় কৰিবৰ বাবে জাগি উঠিছে৷ আমেৰিকাৰ এগৰাকী লেখকৰ উদ্ধৃতি দি ভাষণ প্রসংগত তেওঁ কয় যে ক্রিষ্টফাৰ কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল৷ স্বামী বিবেকানন্দই আমেৰিকাৰ আত্মা আৱিষ্কাৰ কৰিছিল৷ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু স্বামী বিবেকানন্দ সন্দর্ভত চক্রৱর্তী ৰাজা গোপালাচাৰীৰ উদ্ধৃতিৰে তেওঁ কয় যে বিবেকানন্দ ভাষতবর্ষৰ স্বাধীনতাৰ জনক আছিল৷ ভাষণ প্রসংগত দিগন্ত বিশ্ব শর্মাই অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ সৈতে কিদৰে জড়িত হৈ পৰিছিল সেই কথাও উল্লেখ কৰে৷

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা প্রেক্ষাগৃহত অনুষ্ঠিত এই বত্তৃণতানুষ্ঠানতেই অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ গুৱাহাটী মহানগৰ নতুন সমিতিখন গঠন কৰা হয়৷ ধনজিৎ ডেকাক অধ্যক্ষ, সৌৰভ বৈশ্যক মহামন্ত্রী হিচাপে লৈ ৩০জনীয়া সমিতিখন গঠন কৰা হয় বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে বিদ্যার্থী পৰিষদৰ ৰাজ্যিক উপ–সভাপতি ড০ প্রণতি তালুকদাৰে৷ সভাত ৰাজ্যিক সম্পাদক সীমান্ত কুমাৰ বৈশ্যকে ধৰি অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ সদস্য–সদস্যাসকল উপস্থিত থাকে৷