ড০ ধ্রুৱজ্যোতি বৰাক উপাচার্য নিযুক্তি

শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে নিযুক্তি দিয়া হৈছে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি বিশিষ্ট সাহিত্যিক ড০ ধ্রুৱজ্যোতি বৰাক৷ ইতিপূর্বে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু বৰপেটাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষৰূপে কার্যনির্বাহ কৰা ধ্রুৱজ্যোতি বৰাই ইয়াৰ পূর্বে চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক হিচাপেও কার্যভাৰ চম্ভালিছিল৷ সাহিত্য চর্চাৰ সমান্তৰালকৈ প্রশাসনিক দক্ষতা থকা ড০ ধ্রুৱজ্যোতি বৰাই আজি আনুষ্ঠানিকভাৱে চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়খনৰ উপাচার্যৰ দায়িত্ব গ্রহণ কৰে৷