বিহালীৰ শ্ৰীশ্ৰী কালী মন্দিৰ সেৱা কৰি সকলোৰে কুশল-মংগল কামনা মন্ত্ৰী ড০ শৰ্মাৰ

 

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ আজি বিশ্বনাথ জিলাৰ বিহালীত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বিশ্বনাথত উপস্থিত হোৱাৰ পাচতে বিহালীৰ বৰগাংৰ বৰবিল চাহ বাগিচাত থকা মা’ কালী মন্দিৰত সেৱা গ্ৰহণ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, অসমৰ প্ৰত্যেকখন ক’ভিড হাস্পতালত বিচনা, চিকিৎসাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা কৰা লগতে সকলো সাজু কৰি ৰখা হৈছে ।

উল্লেখ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভ্ৰমণত সংগ দিয়ে বিহালী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্ত, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, গহপুৰৰ বিধায়ক উৎপল বৰা আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।