দুলীয়াজানত সাংস্কৃতিক গোষ্ঠী “পথাৰ”ৰ একক প্ৰচেষ্টাত মুকলি হ’ল “বোকা-মাটিৰ গোন্ধ” এক গীতাভিনয়ৰ চিত্ৰায়ণ ( ভিডিঅ’ )

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্তেম্বৰঃ জীৱিকাৰ  সন্ধানত যদিও গাঁওবোৰ চহৰমুখী হয়, তত্ৰাচ সকলো চহৰৰে মাৰফৎ এখন গাঁও থাকে। গাঁওৰ পথাৰতে আৰম্ভ হয় সৃষ্টিৰ আখৰা আৰু মুকলি হয় জীৱনৰ আদিপাঠ । প্ৰতিজন চহাই স্বাৱলম্বীতাৰ সপোন ৰচিব পাৰে এই পথাৰৰ বুকুতেই । এককথাত পথাৰে চহাক পৰিপক্ক জীৱন দিয়ে, জীয়াই থকাৰ বাসনা জগাই । ইয়াৰ সাৰাংশৰে এদল শিপা সন্ধানীৰ ব‍্যতিক্ৰমী প্ৰচেষ্টাত আজি উন্মোচিত হ’ল “বোকা-মাটিৰ গোন্ধ” শীৰ্ষক এক ভিডিঅ’ (গীতাভিনয় চিত্ৰায়ণ) । ক’ৰোণা মহামাৰীৰ আতংকৰ মাজতে বুধবাৰে সন্ধিয়াভাগত দুলীয়াজান ৰাজহুৱা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত স্হানীয় অন‍্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “পথাৰ” নাট‍্যগোষ্ঠীৰ একক প্ৰচেষ্টাত আনুষ্ঠানিকভাৱে প্ৰাণ পাই উঠিল এই ভিডিঅ’টোৰ প্ৰাণ পৰশা গীতাংশ আৰু শিল্পীদলৰ অভিনয়ে। ৰশ্মিতা দত্তই আঁত ধৰা আজি অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভ মূহুৰত কৰে অইলৰ মুখ্য আবাসিক বিষয়া দিলীপ দাসে । উন্মোচনথলীত উপস্হিত থাকে অইলৰ জনপৰিক্ৰমা বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক দিলীপ ভূঞা, উপ মহাপ্ৰৱন্ধক ত্ৰিদীৱ হাজৰিকা, অনাতাঁৰ কন্ঠশিল্পী দিলীপ তামুলী আৰু মণিষা বৰদলৈ । এই অনুষ্ঠানতে বিশিষ্ট অতিথিসকলে শুভেচ্ছামূলক বক্তব্য আগবঢ়োৱাৰ লগতে কন্ঠশিল্পী মণিষা বৰদলৈয়ে কয় যে চেঙেলীয়াক উতলা কৰি তোলা একাংশ অৰ্থহীন  গীতবিলাকতকৈ “পথাৰ”ৰ সৃষ্ট এই গীত তথা অভিনয়ে সকলোকে প্ৰাণৱন্ত কৰি তোলাৰ লগতে কৰ্ম‍্যোদ‍্যোম বৃদ্ধি কৰিব বুলি আশাবাদী । “পথাৰ”ৰ সঞ্চালক পবিত্ৰ চেতিয়াৰ দ্বাৰা ৰচিত গীত আৰু পৰিকল্পনাৰে সজোৱা ভিডিঅ’টিৰ অভিনয়ত বিশেষভাৱে সহযোগ আগবঢ়াই অসমীয়া বোলছবিৰ সহঃপৰিচালক তথা কাষ্টিং ডাইৰেক্টৰ ৰণেল হুছেইন আৰু জনপ্ৰিয় অসমীয়া ধাৰাবাহিক অভিনেতা দেৱাশীষ বৰঠাকুৰে । সামগ্ৰীক পৰিচালনাত দীপক গগৈ , সুৰকাৰ পূৰৱ গোহাঁই, বাণীবন্ধন সুমন সাহা আৰু সংগীত ব‍্যৱস্হাপনা কৰে ৰিপুঞ্জয় ভূঞাই । একক গীতাংশত কন্ঠদান কৰে নিতুল চুতীয়া আৰু আস্হা তামুলীয়ে । দলীয় গীতাংশ আৰু সংলাপ দিয়ে ক্ৰমে পৰিস্মিতা শইকীয়া,পল্লৱ কলিতা, আস্হা হাজৰিকা, বিপ্লৱ গগৈ, ময়ূৰীমা গগৈ আৰু পাৰ্চী লেখা দাসে । প্ৰায় একুৰি অধিক পথাৰৰ শিল্পীয়ে “বোকা-মাটিৰ গোন্ধ” ত মনপৰশা অভিনয় কৰিছে । এই ভিডিঅ’টি ইউ টিউবৰ “পথাৰ আসাম” পেজত আজি মুকলি কৰা হৈছে ।