জুৰীয়াৰ ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ত ঈদ-বিহু সন্মিলন

নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ বিগত বছৰৰ দৰে এইবাৰো জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত উদমাৰীস্থিত ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত প্ৰতীক্ষা নামৰ বেচৰকাৰী সংস্থা আৰু জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত আজি দিনজোৰা কাৰ্য্যসূচীৰে ঈদ-বিহু সন্মিলন অনুষ্ঠিত কৰি হিন্দু-মুছলিম সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। কাৰ্য্যসূচীৰ আৰম্ভণিতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মিন্টু বৰদলৈয়ে বিদ্যালয় চৌহদত বৃক্ষৰোপণ কৰে। লগে লগে চেমনীয়া বিহু‌ দলে হুচৰি পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। বিহুৰ পৰম্পৰা ৰক্ষা কৰি অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তিসকলক জলপান আপ্যায়ন কৰি তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ এক ব্যতিক্ৰমী অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। ঈদ-বিহু মঞ্চৰ চৌহদত অসমীয়া গ্ৰাম্যজীৱনৰ কৃষক সমাজত প্ৰচলিত পৰম্পৰাগত কৃষি সঁজুলিৰ এক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা পৰিলক্ষিত হয়। ইয়াৰ পিছতেই কেইবাটাও পৰম্পৰাগত খেল কণী যুঁজ, ৰছী টনা, কবিতা আবৃত্তি, জিকিৰ-জাৰী আদিৰ লগতে সাংস্কৃতিক প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাসমূহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলামে। প্ৰায় ১০০০ৰো অধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱক-অভিভাৱিকাৰ উপস্থিতিয়ে এই অঞ্চলত এক সুন্দৰ সম্প্ৰীতিৰ নিদৰ্শন দেখা পোৱা যায় ৷

প্ৰেৰক জহিৰুল ইছলাম

Featured