নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ বিভিন্ন অপৰাধমূলক গোচৰত অভিযুক্ত হৈ থকা জনপ্রতিনিধি শীঘ্রে অধিক বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ ৰাজ্যৰ বিভিন্ন আদালতত জনপ্রতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহৰ বিচাৰ প্রক্রিয়া নিৰীক্ষণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ এক নির্দেশনাৰ ভিত্তিত এই সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰুজু কৰিছে নিজাববীয়া গোচৰ৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ ভিত্তিত দাখিল হোৱা লেখ আবেদন (নিজাববীয়া) ৩/২০২০ত উল্লেখ কৰা তথ্য অনুসৰি, সম্প্রতি ৰাজ্যৰ জনপ্রতিনিধিৰ বিৰুদ্ধে বিভিন্ন আদালতত ৩৯টা ফৌজদাৰী গোচৰ ৰুজু হৈ আছে৷ অসমৰ উপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্রদেশৰ জনপ্রতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা ফৌজদাৰী গোচৰসমূহো নিৰীক্ষণ কৰিব৷ ন্যায়ালয়ে সদৰী কৰা অনুসৰি, অৰুণাচল প্রদেশত ২২গৰাকী আৰু মিজোৰামত ৪গৰাকী জনপ্রতিনিধিৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু হৈ আছে৷ অৱশ্যে নাগালেণ্ডৰ আদালতত কোনো জনপ্রতিনিধিৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু হোৱা নাই৷ আদালতসমূহত ৰুজু হৈ থকা গোচৰসমূহত বর্তমানৰ সাংসদ–বিধায়কৰ উপৰি একাংশ প্রাক্তন সাংসদ–বিধায়কো অভিযুক্ত হিচাপে আছে৷ ইয়াৰে কেইবাটাও গোচৰৰ চার্জশ্বীটত নাম উল্লেখ হৈ আছে জনপ্রতিনিধিৰ৷ উল্লেখ্য যে অশ্বিনী কুমাৰ উপাধ্যায় নামৰ এগৰাকী ব্যক্তিয়ে জনপ্রতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহৰ দ্রুত নিষ্পত্তি বিচাৰি উচ্চতম ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল৷ ৬৯৯/২০২০ নম্বৰৰ লেখ আবেদনখনৰ শুনানি গ্রহণ কৰি যোৱা ১৬ ছেপ্ঢেম্বৰত কেইবাটাও উল্লেখযোগ্য নির্দেশনা প্রদান কৰিছে দেশৰ সর্বোচ্চ ন্যায়ালয়ে৷ সেই অনুসৰি, উচ্চ ন্যায়ালয়সমূহৰ মুখ্য ন্যায়াধীশক সংশ্লিষ্ট ৰাজ্যসমূহৰ জনপ্রতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা ফৌজদাৰী গোচৰসমূহৰ বিচাৰ প্রক্রিয়া নিৰীক্ষণ কৰিবলৈ নির্দেশ দিয়ে৷ ইয়াৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছে৷ গোচৰটোত এমিকাছ কিউৰি হিচাপে নিয়োগ কৰা হৈছে জ্যেষ্ঠ অধিবক্তা তন্ময়জ্যোতি মহন্তক৷