আলোপতিত আলুগুটিক লৈ প্ৰচণ্ড মাৰপিট

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ পথাৰৰ আলুগুটিও হ’ব পাৰে সৰ্বনাশৰ মুল ,আলুকেন্দ্ৰিক মাৰপিটত দুই কৃষক পক্ষৰ কেবাজনো লোক ক্ষত-বিক্ষত | বাঘবৰৰ আলোপতি সুখোৱাৰঝাৰত দুই কৃষক ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট,মাৰপিটতত আহত কেবাজনো |আনিব পৰা মতে পথাৰৰ আলু বজাৰত বিক্ৰী কৰি সময়মতে টকা আদায় নোপোৱাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ তুমুল সংঘৰ্ষ হয় ,য’ত এটা পক্ষৰ হাইজল শ্বেখ ,আয়ুব আলী আৰু আনটো পক্ষৰ ৰাইজুদ্দিন আৰু বাদশ্বা মিয়া নামৰ চাৰিজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় | তিনিজনক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে আলোপতি স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰে | দুয়োপক্ষই ঘটনা সন্দৰ্ভত আলোপতিচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে |আলুগুটিক লৈ হোৱা এনে মাৰপিটৰ কাণ্ডই চৰ্চা আৰু চাঞ্চল্য বিয়পাইছে অঞ্চলটোত |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured