কাজিৰঙাত বনকৰ্মী আৰু চোৰাংচিকাৰীৰ মাজত সংঘৰ্ষ

নিয়মীয়া বাৰ্তা ২৭ জানুৱাৰীঃ কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত সংঘৰ্ষ। কাজিৰঙাত গঁড় হত্যা কৰিবলৈ অহাৰ সময়ত চোৰাং চিকাৰী মুখামুখি বনকৰ্মীৰ সৈতে সংঘৰ্ষ হয়। গণৰাজ্য দিৱসৰ ব্যস্ততাৰ সুযোগলৈ কাজিৰঙাত  চোৰাং চিকাৰী প্ৰৱেশ কৰিছিল। চোৰাং চিকাৰীক প্ৰত্যক্ষ কৰাৰ পাছতে বনকৰ্মীয়ে ধাৰাসাৰ গুলি বৰ্ষণ কৰে চোৰাং চিকাৰীক লক্ষ্য কৰি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ কাৰ্ত্তিকা চাপৰিত সংঘটিত হৈছে এই ঘটনা।

প্ৰথম অৱস্থাত দিনৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ আৰিমৰা বন শিবিৰৰ বনকৰ্মীয়ে প্রত্যক্ষ কৰিছিল কোনো লোকৰ ভৰিৰ খোজ। ভৰিৰ খোজ দেখি সন্দেহ হোৱাত দুপৰীয়া বিভাগীয় হাতীৰে অভিযান চলোৱাৰ সময়ত কাৰ্ত্তিকা চাপৰিত দুজন অচিনাক্তলোক প্ৰত্যক্ষ কৰে আৰিমৰা বনশিবিৰৰ সমীপৰ কাৰ্ত্তিকা বন শিবিৰৰ বনকৰ্মীয়ে। বনকৰ্মী দেখাৰ পাছতে পলায়ন কৰা লোক কেইজনক লক্ষ্য কৰি গুলি বৰ্ষণ কৰে বনকৰ্মীয়ে। কিন্তু ঘন জংঘললৈ লৈ পলাই যায় লোক।

এই সন্দৰ্ভত জানিবলৈ ৰাষ্ট্ৰীয় উদ্যান খনৰ সঞ্চালকে জানিবলৈ দিয়ে যে দিয়ে যে বনবিভাগে আগতীয়াকৈ চোৰাং চিকাৰীৰ সম্ভেদ লাভ কৰিছিল। তাৰ পিছতে বনবিভাগে অভিযান আৰম্ভ কৰে, বন বিভাগৰ অভিযানৰ সময়ত চোৰাং চিকাৰীৰ দলটো পলাই সাৰিবলৈ সক্ষম হয়। বৰ্তমানেও চোৰাং চিকাৰীৰ সন্ধান অব্যাহত আছে ।

Featured